ব’হাগৰ স্তৱক- সংগীতা বৰুৱা

pc- Daily Bangladesh

ব’হাগৰ স্তৱক

১/
ৰ’দৰ দৰে আছিল যেতিয়া কথাবোৰ ফটফটীয়া ,
ফুলৰ দৰে আছিল শব্দবোৰৰ শৃংখলা,
উন্মাদ ফাগুন মোৰ একাত্ম এতিয়াৰ নাছিল।

বহু যুগৰ আগতেই ফাগুনৰ বুকুত বৰঘৰ সাজিছিল বসন্তই
সেউজীয়াবোৰ জিৰাবলৈ খুলি দিছিল ব’হাগৰ বিশাল বক্ষ
মই ঋতু, তই বসন্ত!

২/
সেইয়া কি সহজ আছিল ?
গছবোৰৰ কলিজাত কুঁহিপাতৰ সাধু লিখাৰ ;
মই নজনাকৈয়ে ফাগুনে লিখিছিল ব’হাগৰ বুকুত বসন্তৰ ইচ্ছাপত্ৰ !
মই কেৱল এমুঠি সেউজীয়াক নিজৰ কৰি লৈছিলোঁ!

৩/
নাহৰৰ পাতত শুভেচ্ছা লিখি বৰখুটাত আঁৰি থোৱাৰ বতৰ এইয়া
উন্মাদ ফাগুনক বুকুত কঢ়িয়াই সেউজীয়া হোৱাৰ সময় আহিছে

তই তগবগাই উঠিছ্
মই দুহাতত সানি ল’ব খুজিছোঁ
তই জেতুকা হৈ ৰঙাই তুলিছ মোৰ সোণবৰণীয়া দুহাত ।

তই ব’হাগ, মই আলফুলীয়া কোঁহ !

৪/
এইবাৰো বৰদৈচিলাই লৈ যাব নাহৰৰ পাতত শুভেচ্ছা পত্ৰ
আৰু তই আজীৱন কঢ়িয়াবি মোক নাহৰৰ দীঘলীয়া পাতত !!

মই সেউজীয়া হৈ পৰিছোঁ, তই দুবাহুত সাৱটি ধৰিছ মোক
মই ব’হাগ, তই প্ৰকৃতি!

সংগীতা বৰুৱা
গুৱাহাটী