বহাগৰ সৌন্দৰ্যবৰ্দ্ধক ফুল
”কপৌ ফুল ”
মিতালি বৰঠাকুৰ ( আচাৰ্য ),গুৱাহাটী
মন প্ৰাণ পুলকিত কৰা কপৌ ফুল পাহি যৌৱনৰ এক মিঠা শিহৰণ যোগোৱা প্ৰণয়ৰ প্ৰতীক। চৌপাশ বিনন্দীযা পৰিবেশ । প্ৰকৃতি ফলে – ফুলে জাতিষ্কাৰ বসন্তৰ দুপৰীয়া। গছে গছে নানাৰঙী ফুলৰ সমাহাৰ।তাৰ ভিতৰত অসমীয়াৰ অতি আপোন ৰঙালী বিহুৰ অন্যতম আকৰ্ষণ হ’ল আদৰৰ কপৌ ফুল। যদিও বহাগত নাহৰ ,তগৰ ফুলে চৌদিশ আমোল মোলাই থাকে তথাপি বহাগৰ কপৌ পাহি নাচনীৰ অতি মৰমৰ প্ৰতীক। পাতল গুলপীয়া আৰু বগা বেঙুনীয়াৰ সংমিশ্ৰণৰ এক আকৰ্ষণীয় ৰঙেৰে সকলোৰে মন মূহি নিয়ে এই কপৌ পাহিয়ে। সেয়ে কবিয়ে গাইছে – – –
”কপৌ ফুল মৰমৰ
কপৌ ফুল মোৰ চেনেহৰ
কপৌ ফুল মোৰ বুকুৰে আপোন। ”
কপৌ ফুলৰ মিঠা আকৰ্ষণীয় সুবাসত প্ৰতিজন অসমীয়াৰ মন সুবাসিত হয়। অতীজত বিহুৱা ডেকাই মৰমৰ চীন স্বৰূপে এপাহ কপৌ ফুল নাচনীৰ খোপাত গুজি দিয়াৰ পৰম্পৰা আছিল য’ত লুকাই আছিল প্ৰেম , বিশ্বাস আৰু সপোনৰ এখনি মধুৰ স্মৃতি। যৌৱনৰ দুপৰীয়া মনৰ মানুহে এপাহি কপৌ ফুল উপহাৰ দিয়াৰ সঠিক মূল্য লওঁতা আৰু যাঁচোতা জনেহে উপলদ্ধি কৰিব পাৰে। য’ত নিহিত হৈ থাকে সাহস , বিশ্বাস আৰু পবিত্ৰ প্ৰেমৰ এক নিৰ্মল চানেকি। সেয়ে বিহুৱা ডেকাই বিহুগীতত গাইছে —
”পাহাৰে ভৈয়ামে ঘুৰিনো ফুৰিছো
কপৌ ফুল এপাহিৰ বাবে
কপৌ ফুল নাপালে বিহুকে নানাচে
প্ৰতিজ্ঞা কৰিছে ধনে।”
কপৌ ফুলক ‘ অৰ্কিড ‘ বুলি কোৱা হয় । এই ফুল পৰজীৱী নহয় বৰঞ্চ পৰাশ্ৰয়ী যদিও , এই গছে ৰ’দ ,বতাহ, নিয়ৰ কণা , সেউজীয়া পাত আৰু শিপাৰ পৰা সাৰ গ্ৰহণ কৰি জীয়াই থাকে। যাক বায়বীয় অৰ্কিড বোলা হয়। অসমত কপৌ ফুলৰ তিনিটা প্ৰজাতি পোৱা হয় যেনে মতা কপৌ, কপৌ আৰু ভাটো ফুল। এই ফুল সমগ্ৰ বিশ্বৰ লগতে উত্তৰ পূৰ্বাঞ্চল , হিমাচল প্ৰদেশ , বিহাৰ আৰু বেংগালুৰু আদি ঠাইত পোৱা যায়।অসমীয়া জাতীয় জীৱনত কপৌ ফুলৰ যি এক সুকীয়া আসন আছে সেইয়া কেতিয়াও ম্লান নপৰে। প্ৰতিটো ৰঙালী বহুতে চেনেহৰ কপৌ পাহিৰ আদৰ সদায় চিৰ স্মৰণীয় হৈ জিলিকি থাকিব। এনেহেন সৌন্দৰ্য্যৰে ভৰা মৰমৰ কপৌ ফুলৰ উদ্ভিদ জোপাৰ প্ৰতি সকলোৱে গুৰুত্ব দি ৰক্ষণা বেক্ষণ কৰাটো নিতান্তই প্ৰয়োজনীয় ।কিয়নো বসন্তৰ কপৌ পাহি প্ৰতিজন অসমীয়াৰ চেনেহৰ গৌৰবৰ আৰু প্ৰণয়ৰ এপাহি সুগন্ধি ফুল।