ব’হাগৰ বুকুতেই আছে অসমীয়া জাতিটোৰ মহত্ব
বুলমণি বৰি ,লখিমপুৰ
সামাজিক জীৱ হিচাপে মানুহে কিছুমান ৰীতি নীতি আচাৰ ব্যৱহাৰ বিশ্বাস অবিশ্বাস ধৰ্ম অধৰ্ম উৎসৱ অনুষ্ঠান আদিৰ মাজেৰে জীৱন নিৰ্বাহ কৰে। নানা ধৰণৰ পৰম্পৰাগত লোকবিশ্বাসৰ আন্ত: সম্পৰ্কৰ ফলতেই লোক উৎসৱ উদ্ভৱ হয়। ইয়াৰ পটভূমি বসন্ত ঋতুৰ ব’হাগ বিহু।
বসন্ত ঋতুত প্ৰকৃতিয়ে যেতিয়া সৌন্দৰ্য্যৰ আঁচল উৰুৱাইছিল চৌপাশে চিত্ৰ বিচিত্ৰ ফুলৰ সমাহাৰত বতাহত বিয়পি পৰা ফুলৰ মিশ্ৰিত সুৱাসৰ সেই নান্দনিক পৰিৱেশৰ লগত একাত্ম হৈ অতীজতে ডেকা গাভৰু সকলে গছৰ তলত বিহু নাচিছিল। জনবিশ্বাস আছিল যে পদ সঞ্চালন কৰি কৰি বিহু নাচিলে পৃথিৱী উত্তেজিত হব আৰু উৰ্বৰা শক্তি বৃদ্ধি পাব। পৃথিৱী সৰ্গভা হৈ শস্য শ্যামলাৰে ভৰি পৰিব।
ডেকা সকলৰ বিহু গাভৰু সকলে দেখা নাছিল আৰু গাভৰু সকলৰ বিহু ডেকাসকলে দেখা নাছিল। বতাহত গছজোপা যেনেকৈ হালিছিল নাচনিসকলে ঠিক তেনেদৰে হালি জালি নাচিছিল। বতাহত গছৰ পাত যেনেদৰে লৰিছিল সেই গছৰ পাতৰ পৰাই আয়ত্ব কৰিছিল নাচৰ ভংগীমা। ডেকাসকলে মেঘৰ গৰ্জনক বন্দী কৰিছিল ঢোলৰ চাপৰত।
কালক্ৰমত সেই গছতলৰ বিহুৱে আহি মুকলি পথাৰ পাইছিলহি অৰ্থাৎ ডেকা গাভৰু সকলে কোনো আঁৰ বেৰ নোহোৱাকৈ একেলগে বিহু নাচিছিল। পথাৰৰ সেই মুকলি বিহুৱেই আহোম সকলৰ পৃষ্ঠাপোষকতাত ৰাজ দৰবাৰলৈ আহিছিল আৰু আহোম ৰজা ৰুদ্ৰসিংহৰ দিনত এই বিহুক সৰ্বজনীন ৰূপ দি ৰাজকীয় সন্মান প্ৰদান কৰিছিল আৰু সেই ৰাজদৰবাৰৰ পৰাই খুওৱ আধ্যাত্মিক পৰম্পৰাৰে আগমন ঘটিছিল চোতাললৈ।
প্ৰথমে গঞা ৰাইজে সমূহীয়া প্ৰাৰ্থনা গৃহ নামঘৰ নাইবা গাওঁখনৰ মুখিয়াল ঘৰত হুঁচৰি যুৰিছিল।তাৰ পাচত গাওঁখনৰ এটা মূৰৰ পৰা আন এটা মূৰলৈ বিহু মাৰিছিল। একেখন চোতালতে যদি দুজন ভাতৃ পৃথকে পৃথকে আছিল তেতিয়া হ’লে হুঁচৰি পদ এনেদৰে যুৰিছিল
হুঁচৰি এ হাওঁ
দুয়োঘৰৰ মাজতে হুঁচৰি গাওঁ
সেইমতে দুয়ো ভাতৃৰ সপৰিয়ালে একেলগে সেৱা জনাই হুঁচৰিযোৰাৰ পৰা আৰ্শীবাদ লৈছিল আৰু তাতেই প্ৰমাণ পোৱা গৈছিল যে জীৱন আৰু জীৱিকাৰ তাড়নাত ভাতৰ চৰু বেলেগ হ’লেও মনবোৰ কিন্তু একেডাল এনাজৰীৰে বান্ধ খাই আছিল।
আকৌ দদাই ভতিজাকৰ ঘৰ যদি ওচৰাওচৰিকৈ আছিল তেতিয়াহলে প্ৰথমতে দদায়েকৰ ঘৰত হুঁচৰি যুৰি বিহু মাৰিছিল। মুঠতে এই বিহুয়ে বহন কৰিছিল নৈতিক পৰম্পৰা।
কালক্ৰমত এই চোতালৰ বিহুৱে ৰূপ পাইছিল মঞ্চৰ।১৯৫২ চনৰ গুৱাহাটী লতাশিল খেলপথাৰত ব্যাপক আয়োজনেৰে গুৱাহাটী বিহু সন্মিলনী পতা হৈছিল আৰু তাতেই সৃষ্টি হৈছিল বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ। সকলো জাতি জনগোষ্ঠীয়ে নিজ নিজ সাজ পোচাক পৰিধান কৰি নিজ নিজ সংস্কৃতি প্ৰদৰ্শন কৰিছিল আৰু তেতিয়াৰ পৰাই এই মঞ্চ বিহু কিন্তু থমকি ৰোৱা নাই। বোৱতী নদীৰ সোঁতে সোঁতে বৈ গ’ল এই সমন্বয়ৰ যাত্ৰা ।
কৃষক সমাজে যিহেতু শস্যৰ শ্ৰী বৃদ্ধিৰ কামনা কৰি বিহুক উৎসৱ হিচাপে পালন কৰিছিল। যিহেতু ব’হাগৰ প্ৰাণ চঞ্চলা প্ৰকৃতিৰ নয়নাভিৰাম দৃশ্যত পৰিস্ফুত হয় অফুৰন্ত সৃষ্টিৰ সমল।সেয়ে ব’হাগ বিহুতেই কৃষকে কৃষিকাৰ্যৰ বাবে নিজকে সাজু কৰি তোলে। যিহেতু কৃষিৰ সমৃদ্ধিৰ সৈতে জড়িত হৈ আছে প্ৰকৃতিৰ বিভিন্ন উপাদান। ব’হাগেই প্ৰাণভৰি উপচাই দিয়ে মানৱজাতিলৈ অলেখ বৰদান। কৃষি যিহেতু বতৰৰ ওপৰত নিৰ্ভৰ কৰে বসন্তৰ প্ৰথমজাক বৰষুণত ধৰিত্ৰী জীপাল হয় আৰু কৃষকৰ বাবে আহি পৰে সৃষ্টিৰ এক নতুন বাৰ্তা।
জনবিশ্বাস আছে যে বিহু গীত আৰু নৃত্যত ব্যৱহৃত হোৱা ঢোল পেঁপা গগণা টকা আদিৰ শব্দৰ জৰিয়তে পৃথিৱীৰ বুকুলৈ গাজনি ধুমুহা বৰষুণ নামি আহে। সেয়ে বিহু গীত আৰু নৃত্যত ব্যৱহাৰ হোৱা প্ৰতিটো বাদ্যই বহন কৰি আছে ব’হাগৰ ন বৰষুণৰ আভ্যন্তৰীণ অৰ্থ।
কৃষি উৎসৱ যিহেতু সমৃদ্ধিৰ কামনা অৰ্থে সেয়ে বিহু গীত নৃত্যত প্ৰতিফলিত হয় প্ৰজননৰ কামনা। প্ৰজননৰ কামনা প্ৰতিফলিত হ’বলৈ অৱধাৰিতভাৱে বিহু গীত নৃত্যত ডেকা গাভৰুৰ অংশগ্ৰহণৰ কথা আহি পৰে।আহি পৰে ৰংমন ৰাংঢালিৰ উত্তেজিত মনৰ কামনা বাসনা। ব’হাগৰ পৰশত উন্মাদ হোৱা প্ৰকৃতিয়ে মনৰ মৌকোঁহতো উপচাই দিয়ে জীৱন উৰ্বৰ কৰা অদৃশ্য সন্মোহিনী শক্তি। সৃষ্টিৰ পাতনিৰে আৰম্ভ হোৱা ব’হাগৰ বিহুতলি প্ৰাণৱন্ত কৰি ৰংমন ৰাংঢালিয়ে যুগ্ম জীৱনৰ পাতনি মেলে।এই ৰংমন ৰাংঢালি যুগৰ প্ৰতীক। নিজৰ সভ্যতা আৰু সংস্কৃতিক লৈ আগ্ৰহী হোৱা নৱ প্ৰজন্মৰ প্ৰতীক। যিহেতু বিহুৰ আধাৰেই হ’ল কৰ্ম সংস্কৃতি। শ্ৰমজীৱি কৃষিজীৱিৰ উৎসৱ।যি শ্ৰমে পথাৰত শস্যৰ নদন বদন অৱস্থাৰ সৃষ্টি কৰে।হেৰাই নাযাৱক বিশ্বায়নৰ যুগত ৰংমন ৰাংঢালিৰ বুকুৰ পৰা গাঁৱৰ কেঁচামাটিৰ নিৰ্য্যাস।বোকাপানীৰ চেকা পৰিশ্ৰমী দেহৰ ঘামৰ গোন্ধ। পৰিৱৰ্তন ধামখুমিয়াত যাতে ৰংমন ৰাংঢালি কেৱল হিতাধিকাৰীৰ মাজলৈ পৰ্য্যৱেশিত নহয়।নহলে লোক সংস্কৃতিক অক্ষুণ্ণ ৰাখি সংস্কৃতি টনকিয়াল কৰা ব’হাগ বিহুৰ যি ধৰ্ম সেই ধৰ্ম নাশ হ’বলৈ হ’লে জাতিৰ অস্তিত্ব নাইকীয়া হ’ব।