ব’হাগৰ বতৰা- ৰাজলক্ষ্মী বৰঠাকুৰ

Pc ShareChat

ব’হাগৰ বতৰা

ৰুণজুন নূপুৰ বজাই নামি অহা বৰষুণ জাকে
ব’হাগ অহাৰ বাতৰি দিলে
মেঘে মাদল বজালে, ডাৱৰৰ মাজে মাজে
চিকমিক বিজুলীৰ লুকা -ভাকু খেলা।
স্নান ৰতা প্রকৃতিয়ে তেওঁৰ সেউজীয়া
আচল খনি মেলি ধৰিলে,
ৰং বিৰঙৰ নানা ৰঙীন ফুলবোৰে
ৰঙৰ পোহাৰ মেলিলে ।
নাচনীৰ খোপা শুৱনি কৰিবলৈ কপৌ পাহিয়ে
গছৰ ডালত মিচিকিয়াই হাঁহিলে
কুলি -কেতেকীৰ মিঠা মাতে ব’হাগ অহাৰ বাতৰি দিলে
সেউজীয়া প্রকৃতিৰ এই ন-ৰূপে অসমীয়া জাতিৰ
বাপতিসাহোন ব’হাগৰ বিহুটি অহাৰ বাতৰি দিলে ।

ৰাজলক্ষ্মী বৰঠাকুৰ
দেৱৰাজ ৰয় মহাবিদ্যালয় গোলাঘাট