ব’হাগৰ বতৰা
বাহাৰুল ইছলাম (শিক্ষক)
বালিজান, মৰিগাঁও
ৰিবৰিব মলয়াত ৰিণি ৰিণি ভাঁহি আহিছে
কুলি-কেতেকীৰ অমীয়া গীত
কপৌ, তগৰৰ সুগন্ধিৰ লহৰ
সাঁচি থৈছোঁ অতদিনে কিছু সপোন
হৃদয়ৰ গোপন মোনাত
তোমাৰ উমান পালে
ফৰকাল হৈ উঠে মোৰ হৃদয়।
জ্যোতিহীন এবুকু আশা
আজি কম্পিত, আজি আলোড়িত
আধাৰুৱা দস্তাবেজ সতেজ হ’ব ধৰিছে
কপৌফুলীয়া হাঁহি পিন্ধি
বসন্তই মেলি দিছে হাত
উদ্গিৰীত এতিয়া হেৰুৱা কল্লোল
স্নিগ্ধ কুঁহিপাতবোৰক অনবৰতে চুমিছে
মৃদু বতাহজাকে।
স্নিগ্ধ বসন্তৰ পৰশত
প্ৰকৃতি যৌৱনপ্ৰাপ্ত হ’ল
মাদল বজাইছে শুভ্র মেঘে
বৰষিছে পুষ্প বৃষ্টি
সুগন্ধিত আত্মহাৰা কতজন
ব’হাগ অহাৰ বাটত অপেক্ষাৰত
ছন্দোময় কবিতাবোৰ
সিহঁতে বৰকৈ জপিয়াইছে।
চতৰ আঁচলত বসন্তৰ মেলা
চৌপাশৰ পছোৱাত ৰঙৰ খেলা
আলফুলীয়া বাতাৱৰণত
ৰঙালীৰ ৰঙীন চমকনি
আবেলিৰ স্নিগ্ধ ক্ষণত কুৰুকি কুৰুকি
হাত বাউলি মাতিছে
ব’হাগৰ বেলিটিয়ে
সিঁচি দিছে কোমল আভা।
লয়লাসৰ বাটত
বৰদৈচিলাৰ উপদ্ৰৱ মাজে-মধ্যে
কিয়নো সৱৰে পছন্দ বসন্ত
সেয়ে হয়তো সৱকে কৰে শান্ত
হে বসন্ত- কাঢ়ি লোৱা হুমুনিয়াহ
অনুচিত কৰ্ম যাওক দাহ
তোমাৰ ছত্ৰছায়াত লাঘৱ হওক
জীৱন নদীৰ সাঁকোখনৰ কিছু বোজা।