বহাগী – প্ৰিয়ংকা চমুৱা

PC - Wikipedia
বহাগী
প্ৰিয়ংকা চমুৱা, ঢকুৱাখনা,লখিমপুৰ 
বহাগী বাটেৰে
 ফাগুনৰ পছোৱা আওকাণ কৰি
মই আগুৱালো তোৰ পদুলিৰ কপৌ পাহিৰে
তোৰ খোপাটি শুৱনি কৰো বুলি।
তই জাকত জিলিকা
ৰঙিলি নাচনী
ঢোলৰ ছেৱত তোৰ ককালে কবিতা ৰচে
উঠন বুকুৰ লয়লাসে ঢুলীয়া
ডেকাৰ টোপনি সৰে
চ’তৰ বৰদৈচিলাও
এপলক জীৰায়
তোৰ কাকৈৰ শুৱাগি ভাঁজতে।
ৰঙ ঘৰৰ বাকৰিত তোৰ নাচে
স্বৰ্গদেউৰ হিয়া শাত পেলায়
অ নাচনী,
বৰ্হমথুৰি বুলোৱা দুই ওঠে
তই গোৱা বিহুগীতৰ কলিয়ে
বিহুতলি ভৰুণ কৰে
কলদিলিয়া খোপাত
এই যেন গুজি দিমগৈ
হেঁপাহৰ তগৰ ফুলপাহ।
তই বাৰু লবিনে আঁকোৱালি
মোৰ হেপহুৱা কলিজাৰ
সেন্দুৰ ৰঙী ভালপোৱা!
মোৰ মৰম বোৰ মিছা বুলি
ভুল নুবুজিবি আকৌ দেই
সেই ভয়ে মোৰ কলিজা দহে।