বহাগী উৎসৱ
কুলিৰ কুউ কুউ মাতে
বসন্তৰ উৎসৱ আহে
গছে গছে নতুন নতুন
কুঁহি পাত মেলে,
আমে মলিয়ালে
কঁঠালে পেলালে মুচি
সগৰ্ভা হ’ল আই বসুমতী।
ফাগুনীবায়ে আবিৰ ছটিয়াই
মলিয়ন কৰিছিল
এজাক বৰষুণে ধুই পখালি
ফটফটিয়া কৰিলে
বসুন্ধৰা আই হৈ পৰিল গুচি।
ডেকা-গাভৰুৰ উৰু উৰু মন
মূগাৰ ৰিহা-মেখেলা চাদৰ
গাভৰুৱে কৰে পৰিধান
পেঁপা-ঢোলৰ মাতে নাচি উঠে মন
সেয়ে পাতে ৰাগিৰ ৰঙালী বিহুখন।
বিহু মানে বসন্ত
বসন্ত মানে উতলাই যৌৱন
যৌৱনে বিহুৰ আখৰা পাতে
বিহুৱে ৰিঙিয়াই মাতে
বিহু অসমীয়াৰ বাপতি সাহোন।