ব’হাগীৰ আগমন  – লক্ষীমাই হাজৰিকা 

ব’হাগীৰ আগমন 

লক্ষীমাই হাজৰিকা 
দেৰগাঁও 

অই কুলি অই কুলি
তোৰ সুৰীয়া কণ্ঠৰে
গাচোন এটি ব’হাগীৰ গান।
সকলো ৰৈ থাকে
শুনিবলৈ তোৰ সুৰীয়াৰ কন্ঠ।
কুঁহিপাতৰ আঁৰে আঁৰে
আনচোন লাজুকীজনী হৈ
ব’হাগৰ বতৰা…।
তোৰ মধুৰ কণ্ঠত
অসমীয়াৰ‌ মন উগুল -থুগুল।
অই কুলি গাচোন এবাৰ
তোৰ সুৰীয়া কণ্ঠৰে
ব’হাগীৰ এটি গান…।