বহাগতে তোমাৰ বিয়া বোলে! – অৰ্ণৱ কটকী 

বহাগতে তোমাৰ বিয়া বোলে!

অৰ্ণৱ কটকী 
জাঁজী, যোৰহাট
শুনিছোঁ তোমাৰ হেনো বিয়া
চহৰৰ একমাত্ৰ ধনী পৰিয়ালৰ সন্তানৰ সৈতে
বিলাসী আতচবাজী শব্দত শুনিব পাৰিবা নে তুমি
মোৰ হিয়াত জ্বলি জ্বলি ফুটি উঠা ফটকাৰ মৌন্ চিতকাৰ
জানো তুমি বুজি নোপোৱা কোনোদিনে ।
মোৰ বুকুৰ মাজৰ বিষটোক নাইবা
উপেক্ষিত হৈ ৰৈ যোৱা হিয়াৰ বতৰাৰ উমান ।
তোমাৰ সুখতে সুখী হৈছোঁ মইও
নালাগে তুমি মোৰ দুখৰ সমভাগী হ’বলৈ
অকলে পাৰিম মই জীৱন সজাবলৈ
নতুনক আপোন কৰি মৰমক ধনেৰে জুখি
কৰাই নহলে কোনোদিনে এনে সুখৰ মৰীচিকাৰ সন্ধান
আধা জ্বলা চিগাৰেট হৈ পৰি ৰৈছোঁ কোনোবাটো এন্ধাৰ চুকত
বিজুলী বাতিৰ চকু চাত মাৰি ধৰা
পোহৰে চকুলো জানো পাৰিব ঢাকিব!
সেমেকা হাঁহিৰ আঁৰৰ বেদনা,অনুভৱ কৰিবলৈ
একেই আছে জানো আজি তোমাৰ হিয়া খনি।
শুনিছোঁ এই বহাগতে তোমাৰ বিয়া !
নিমন্ত্ৰণ নিদিবা মোক আকৌ
চাব নোৱাৰিম তোমাক বিদায় পৰত ,
নতুন জনে অঁকা সেই অস্তাচল গামী সূৰুযৰ
হেঙুলীয়া সনা তোমাৰ কপালৰ সেওঁতা
সুখী হোৱা তুমি নতুন মৰমক সাৱটি
শুভ কামনা অযুত তোমালৈ বুলি।
শুনিছোঁ এইবাৰ বহাগতে তোমাৰ বিয়া বুলি!