ব’হাগক বিচাৰিব ক’ত?
ব’হাগক বিচাৰিম ক’ত?
আমাৰ শৈশৱ, কৈশোৰ অথবা যৌৱনৰ
ব’হাগক বিচাৰিম ক’ত
আইতা-মাৰ হেঁপাহৰ তাঁতশালখনত
সেইখন কাহানিবাই তুলি থলে চাঙত।
এতিয়া আৰু চ’তৰ নিদান দূপৰীয়া
অথবা গো-ধূলি উৰুৱা হেঙুল আবেলিত
নুঘূৰে চেনেহীৰ লাৱনী হাতত
হেঁপাহৰ উঘা চেৰেকী।
একালৰ মৰম-চেনেহৰ দীঘ-বাণী দি বোৱা
বিহুৱানখনিয়ে আজি আবেগ অনুৰাগবিহীন হৈ উচুপি আছে
ক্ৰেতা-বিক্ৰেতাৰ দৰদামৰ অংকত
ব’হাগী মেলাৰ বস্ত্ৰ বিপনীত।
আমাৰ শৈশৱ কৈশোৰ অথবা যৌৱনৰ
ব’হাগক বিচাৰিম ক’ত?
ম’হৰ এঠাদৈসনা তেতেলিপতীয়া চিৰাৰ বাতিত।
ঢেংকুৰুচ ঢেংকুৰুচ ঢেকীৰ শব্দই এতিয়া
নাভাঙে কাৰো পুৱতিনিশাৰ নিমজ টোপনি ,
নাই আজি গাঁৱৰ ঘৰবোৰত
খুড়ী, পেহী,মা-বৰমাহঁতৰ
বুকুৰ কথাৰে জীপাল ঢেকীশাল।
ৰং বিতৰণৰ নানা তৰহৰ মিঠাই
বনচাইনাৰ কাপ-প্লেট আছে শুৱায়।
আমাৰ শৈশৱ, কৈশোৰ অথবা যৌৱনৰ
ব’হাগক এতিয়া বিচাৰিম ক’ত?
গাভৰুৰ লিহিৰিপতীয়া পাৰি আঙুলিত?
চহৰ, নগৰ, গাঁৱৰ অলিয়ে গলিয়ে এতিয়া
সৌন্দৰ্য চৰ্চাৰ বাবে বিউটিপাৰ্লাৰ হ’ল
মেনিকিউৰ কৰা আঙুলিত
এতিয়া নুশুৱাই হেঁপাহৰ জেতুকাৰ বোল।
আমাৰ শৈশৱ কৈশোৰ অথবা যৌৱনৰ
ব’হাগক বিচাৰিম ক’ত?
কপৌফুলে ফুলাম কৰা চেনেহীৰ
নেঘেৰীখোপা,কলডিলীয়া খোপাত।
কেচ্ কেচ্ কেচিৰ শব্দত কাহানিবাই হেৰাল মেঘবৰণীয়া দীঘল চুলিটাৰি,
এতিয়া অভিজাত নগৰীয়াৰ
কংক্ৰীটৰ দেৱালত গছৰ ডালত নীৰৱে উচুপে
ব’হাগৰ বতৰা অনা, ব’হাগক ৰঙীন কৰা
কুৰি, কেতেকী আৰু কপৌফুল পৰাহে।
তথাপিও কওঁ—ভূপেনদাৰ ভাষাৰে
“ব’হাগ মাথো এটি ঋতু নহয়
নহয় ব’হাগ এটি মাহ
অসমীয়া জাতিৰ ই আয়ুসৰেখা
জনজীৱনৰ সাহ।”
মঞ্জু মজুমদাৰ বৰ্মণ।
ভৰলুমুখ, গুৱাহাটী-৯