বস্ত্ৰনগৰী শুৱালকুছিত নৱৰ্নিমিত ক্ৰীড়া ক্ষেত্ৰ শুভ উদ্ধোধন
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি,ৰঙিলী বাৰ্ত্তাসেৱা- এখন ঠাইৰ আন্তঃগাঁঠনিৰ উন্নয়নে ঠাইখনক প্ৰগতিশীল কৰি তোলে।এই ক্ষেত্ৰত মানচেষ্টাৰ হিচাপে খ্যাত ঐতিহাসিক ঠাই বস্ত্ৰনগৰী শুৱালকুছি ব্যতিক্ৰম নহয় ।মহামানৱ মহাত্মা গান্ধী,ড০এপি জে আব্দুল কালাম আদি কৰি গুণী জ্ঞানী ব্যক্তিসকলে শুৱালকুছি পদাৰ্পন কৰি ইয়াৰ ধৰ্ম আৰু কৰ্ম সংস্কৃতিৰ ভূয়সী প্ৰশংসা কৰি আহিছে। অসমৰ মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মা মহোদয়েও অনুভৱ কৰি ঠাইখনৰ কিছু আৰু নতুনত্ব আনিলে।26 ফেব্ৰুৱাৰী 2026চনত শুৱালকুছিবাসীক বৃহত্তৰ ক্ৰীড়া ক্ষেত্ৰ শুভ উদ্বোধন কৰি এক বিৰল উপহাৰ আগবঢ়ালে।এনে এখন ষ্টেডিয়াম শুৱালকুছিত স্থাপন হ’ব বুলি শুৱালকুছিবাসীয়ে কেতিয়াও ভবা নাছিল ,এয়া সম্ভৱ হ’ল একমাত্ৰ সক্ৰীয় মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ শুৱালকুছিৰ প্ৰতি থকা মৰমৰ কাৰণে। গতিকে এই ক্ৰীড়া ক্ষেত্ৰখনে শুৱালকুছিৰ লগতে দাঁতি কাষৰীয়া নৱপ্ৰজন্মৰ খেলুৱৈসকলক উৎসাহিত কৰিব।
