বসুন্ধৰা
মিতালি বৰঠাকুৰ,মালিগাওঁ( আদৰ্শ কলনী )
মই বসুন্ধৰা ,
ক্ৰমাৎ খহিব ধৰিছে মোৰ বুকুৰ আঁচল
বাৰে বাৰে দুহাতেৰে চপাই লওঁ সেউজ ৰং
চপৰা চপৰে খহিচে মোৰ গাৰ মঙ্গহ
সেউজ ৰং বোৰ হেৰাই গৈছে বিস্মৃতিৰ গৰ্ভত।
চৌদিশে কান তাল মৰা শব্দ
গুণ গুণাব পৰা নাই এটি সেউজ গীতৰ কলি।
বুকুত বৰষুণ নাই , দিনে দিনে অৱশ হৈ পৰিছোঁ
সময় সুঁতিৰ সকৰুণ সুৰে দেহত জগাই তুলিছে
প্ৰতিদিনে শিঁহৰণ , কম্পন আৰু স্পন্দন।
তুমি ছটিয়াই দিয়া ভেজাল আবিৰে
মোক ৰোগাক্ৰান্ত কৰিছে
বিপদাপন্ন হৈছে সম্ভাৱনাময় প্ৰজন্ম।
মোক উশাহ লবলৈ দিয়া ,
জীয়াই থাকিবলৈ মোক সেউজ ৰং দিয়া ।
আছে জানো মোৰ অবিহনে তোমাৰ অস্তিত্ব !
কংক্ৰিটৰ দেৱালেৰে সজাব পাৰিবা জানো
সেউজ পৃথিৱী !
সময় থাকোতেই মোৰ উদং বুকুত সিঁচি দিয়া
সেউজীয়াৰ বীজ
জী উঠক মোৰ প্ৰাণৰ আয়ুস্মান উশাহ ।
উৰি থাকক বসুন্ধৰাৰ সেউজ আঁচলত
এজাক হালধীয়া চৰাই।