বসন্ত
ৰাজলক্ষ্মী বৰঠাকুৰ,দেৰগাঁও
বসন্তৰ বা লাগি
গছৰ ডালত
কপৌ পাহীয়ে
মিচিকিয়াই হাঁহিলে।
তাকে দেখি বিহুৱা
ডেকাৰ মন উলাহেৰে ভৰি পৰিল
কপৌ পাহী চিঙি আনি
মৰমৰ নাচনীৰ
কলডিলিয়া খোপাত ।
মৰমেৰে পিন্ধাই দি
চেনেহি নাচনীৰ পৰা
মৰমৰ দীঘে দি
চেনেহৰ বানীৰে বোৱা
বিহুৱান খনি লৈ
দুয়ো একেলগে আঁহতৰ তলত বিহু মাৰিবলৈ যাব।