বসন্ত – সত্যজিৎ গগৈ

PC - eBird
বসন্ত
সত্যজিৎ গগৈ, কলিয়াবৰ, নগাঁও
ন-পানী বাঢ়িব
মাছে পোণা এৰিব
সেউজীয়া সাজ পিন্ধি
প্ৰকৃতিয়ে হাঁহিব,
কুলি আৰু কেতেকীয়ে
ইনাই-বিনাই কান্দিব
চ’তৰ চৰাইটোৱে
নীল আকাশত উৰিব,
ঢোল-পেপা-গগনাই
গা-মন জুৰুৱাই
তাঁতৰ পাতত নাচনীয়ে
সূতা চিঙে ঘনে ঘনাই,
দীঘ আৰু বাণীৰে
চেনেহৰ বিহুৱানখন
প্ৰতিটো আঁচোতেই আছে
হৃদয়ৰ মৰমকণ,
বসন্তৰ পৰশ পাই
গা কৰে ৰাঁই-জাঁই
আকৌ আহি পালেহি
বহাগেও বিনাই।