বসন্ত
বসন্তৰ আগমনত কুলিয়ে মাতিলে বহাগৰ বিহুটিলৈ উখল-মাখল কৰে মন ন সাঁজেৰে মুগাৰ সাঁজ পিন্ধিলো খোপাতে কপৌফূল পিন্ধিবৰ মন । চেনাই ধন দিবিনে আনি বিচাৰি মোৰ খোপাতে গুজি এপাহি কপৌপাহি দুহাতত ল’লো জেতুকাৰ বোল কেৰু মণি থুৰীয়া , গামখাৰু পিন্ধিলো পেঁপা গগনাৰ ঢোলৰ গুমগুমনিত ৰজন্জনাই উঠিছে , কঁকালটি মোৰ ঘুৰে বহাগৰ নাচনী যে মই । অসমীয়া বাপতি সাহোন বিহুটি অতিকৈ চেনেহৰ ৰঙালীৰ ৰং ।
যমুনা দুলু বৈশ্য
