বসন্ত আহে
মমী মহন্ত
সেউজীয়া উদীয়মান সপোন লৈ।
প্ৰকৃতিৰে বুকুত
নৱ জীৱন জাগে।
ফুলে ফুলে সাজে
পথাৰ উপত্যকা,
সুগন্ধিৰে ভৰি পৰে
আকাশ-বতাহ।
কুলিৰ মিঠা মাতত
সুৰ উঠে বননি,
কপৌ ফুলে হাহে
সেউজীয়া ডালত।
পখিলাৰ ৰঙেৰে
সজে বসুন্ধৰা,
আনন্দৰ ঢৌ উঠে
প্ৰতিটো মনত।
শীতৰ বিশাদ আতৰাই
নি আনে উষ্ণ স্নেহৰ বাতৰি।
বসন্ত মানে
আশা আৰু সপোন,
নতুন দিনৰ
মিঠা আৰম্ভণি।
