বসন্ত আহিছে বুলি – মানসী মিশ্ৰ

বসন্ত আহিছে বুলি

মানসী মিশ্ৰ

ফাগুনে  সিঁচি দিয়া
ৰঙবোৰে কাণে কাণে ক’লে
বসন্ত আহিছে ধৰালৈ বুলি
কেইজাকমান বৰষুণৰ পিছৰ
আকাশখনেও আমাক কলে
বসন্ত পদূলিত ৰৈছে বুলি।
এনেকৈয়ে দগমগ ৰঙা হৈ
পলাশ, শিমলুবোৰ ফুলে
হালধীয়া সোণাৰু ফুলেও যে
আমালৈ চাই মিচিকিয়াই হাঁহে।
বসন্ত আহিলেই জানা আমাৰ
হৃদয়ৰ শব্দবোৰে প্ৰাণ পাই উঠে,
এৰা, বসন্ত আহিব বুলিয়েই জানা
মনৰ মানুহবোৰক দিবলৈ যে
কতই তাঁতশালত পৰীৰ সপোন ৰচে,
এৰা, এনেকৈয়ে হেঁপাহৰ বসন্ত আহে।