বসন্ত – আয়শা ছিদ্দিকা

বসন্ত

 আয়শা ছিদ্দিকা(আছৰি)
বাংলিপাৰা,বৰপেটা

উখল- মাখল বসন্তই
চ’তক ডেউ দি বহাগীক
আদৰিছে কৃষ্ণচূড়া ছটিয়াই..

মাদল বজাই বজাই বিহুৱান
গাত মেৰিয়াই ডেকা- গাভৰু
ন কৈ সাজি বিহুতলি ওলাই..

গৰখীয়াৰ পেঁপাৰ স্পষ্ট মাত
শুনি হাটৰুৱা বাটৰুৱা সকলে
গন্তব্য পাহৰি যায় ক্ষণিকতে..

ব্যস্ত সকলো নতুন বছৰক
শুভ ক্ষণেৰে আদৰণি জনাই
ন ন সপোন সজাই তুলিবলৈ…