বসন্তই আনিছে বহাগৰ বতৰা
দিপ্তী মনি গোস্বামী, লখিমপুৰ
ফুলো নুফুলো কৈ মিছিকিয়া হাঁহিৰে
সুগন্ধি পুষ্পমালাই বিলালে বসন্তৰ বতৰা,
বসন্তই কাণে কাণে দিলে বহাগ অহাৰ বতৰা
কোনে দিব মোক তোমাৰ আগমনৰ বতৰা ?
মৰমৰ দীঘেৰে চেনেহৰ বাণীৰে
বৈ আছো তোমালৈ বুলি বিহুৱান এখনি,
তোমাৰ পৰশত উমাল হব
ফুলি উঠিব সেউজীয়া বননি।
বকুল বৰা ধানৰ চিৰায়ো খুন্দিছো
আইক লগতে লৈ,
জাপৰ বান বাতিত মহৰ দৈ গুৰে দি
তোমাক সজাই দিবলৈ।
তুমি আহিবা,
জেতুকা আনিবা ,আনিবা বহমথুৰি;
ওখ গছ বগাই কপৌ ফুলো আনিবা
মোৰ নেঘেৰী খোপাত পিন্ধিবলৈ বুলি ।
মুগাৰে সাজযোৰ যতনাই ৰাখিছো
ভমকা ফুলিয়াত তেজ ৰঙা পাৰি,
তকা – গগনাও বিচাৰি আনিছো
বিহুৰ সাজ শুৱনি কৰি।
সন্ধিয়া পৰতে বকুলৰ তলতে
ৰাতি বিহু চাবলৈ যাম,
দূৰণিৰে পৰা চিনাকী সুহুৰিটি মাৰিবা
দুয়ো একেলগে যাম।
চাদৰৰ মাজতে ,দেহৰে ভাঁজতে ,
আয়ে নেদেখাকৈ ,লুকুৱাই নিম বিহুৱানখনি,
তোমাৰ ডিঙিত পিন্ধাই মৰমৰ দোলেৰে ,
বহাগীক আদৰিম আমি।
