বসন্তৰ সৌন্দৰ্য্যৰ সজীৱতা চ’তৰ বুকুতেই – মঞ্জু কাকতি

বসন্তৰ সৌন্দৰ্য্যৰ সজীৱতা চ’তৰ বুকুতেই
মঞ্জু কাকতি,
শুৱালকুছি পি.কে.ৰোড
হুঁচৰি  এ  চ’ত
আমি  বিহু  মাৰো  য’ত
দূবৰি  নগজে  ত’ত
বলীয়া  ফাগুনৰ  বিদায়ত ধৰালৈ আগমন হয় চ’তৰ । চ’ত আহে বসন্তৰ আগলি বতৰা লৈ । ফাগুনৰ ধূলিৰে ধূসৰিত হৈ পৰাৰ সময়ত চ’তে লৈ আহে দুই এজাক বৰষুণ । এই বৰষুংণজাকে আনে অনাবিল শান্তিৰ নিজৰা । ন কুঁহিপাতৰ বোল  সানি, বাৰে বৰণীয়া সুগন্ধি  ফুলৰ  সুবাস  সিঁচি, বসন্তৰ সৌন্দৰ্য্যৰে সজীৱ হয় চ’তৰ  বুকু । চৌদিশে  বসন্তৰ প্রয়োভৰ । এই  বসন্তই  লৈ আহে চিৰ সেউজ উৎসৱ ব’হাগ  বিহু। কুঁহিপাতৰ  সেউজীয়াই  ছানি ধৰে গাঁৱৰ  বুকু । গছৰ ডালে ডালে ফুলা নাহৰ,মদাৰ,তগৰ ,কপৌ, সোণাৰু, পলাশ, সেউতী  অশোক আদি বসন্তৰ ফুলেৰে জাতিষ্কাৰ প্রকৃতি । চ’তৰ  যেন  তুলনা  নাই  কাৰণ  চ’তেই  লৈ  আহে  আমাৰ  প্রাণভৰা  প্রাণৰ  ব’হাগক ।বাসন্তী প্রকৃতিৰ অপৰূপ সৌন্দৰ্য্যত বিভোগৰ । কুলি কেতেকীৰ  সুৱদী আৰু সুলোলিত সুৰে চ’ত ৰ বুকুত আলোড়িত হৈ আদৰে বহাগী উৎসৱক। ঢোলৰ চাপৰে আৰু পেঁপাৰ চেঁৱে ডেকা -গাভৰুৰ মন প্রাণচঞ্চল কৰি বিহুগীতৰ আখৰাই জাননি দিয়ে চ’ততেই বসন্ত অহাৰ বতৰা ।
চ’ত মাহটি অসমীয়াৰ বাবে অতি ব্যস্ততাৰ মাহ কিয়নো এই মাহৰ পিচতেই আমাৰ অতিকৈ হেঁপাহৰ ব’হাগ বিহু সেয়ে শিপিনীয়ে তাঁতত  গামোচা লগায় মৰমৰ দীঘ-বাণিৰে আপোনজনক দিবলৈ আৰু এই আমেজ অতিকৈ সুকীয়া । ঠিক তেনেদৰে মৰমৰ লাহৰীক খোপাত কপৌফুল আৰু কেতেকী গুজি দিবলৈ অসমীয়া ডেকাই চ’ত মাহৰ পৰাই সেই ফুলৰ সন্ধান কৰে । গৰু বিহুৰ দিনা গৰুক বিহুৱান দিয়াৰ মানসেৰে কৃষকে চ’ত মাহৰ পৰাই গৰুৰ পঘা বটাৰ যো-জা কৰে।
চ’ত মাহক সজীৱ কৰি তোলে ব’হাগৰ উতলা গোন্ধে । এই গোন্ধত ডেকা-গাভৰুৰ মন ৰাইজাই কৰে আৰু কমোলা তুলা হৈ আপোনজনৰ ওচৰত উৰি যাব খোজে এনে বিহুগীতৰ মাজেৰে…..
      ঘৰতো নবহে মন চেনাইটি
       পথাৰতো নবহে মন
       কমোলা তুলা যেনেকৈ উৰিছে
       তেনেকৈ উৰিছে মন…..
চ’ত বুলিলেই চৌপাশে পেঁপাৰ টিহিটি,বিহু নাচৰ আখৰা আৰু ঢোলৰ ছেঁও। মাথোন উখল-মাখল আমাৰ বাপতী সাহোন ৰঙালীৰে ভৰা ব’হাগৰ বিহুটিক আদৰাৰ ।
এনেদৰেই চ’তে বসন্তৰ ৰূপসজ্জাৰে ধৰাক মোহিত কৰি আমাক দি যায় অধীৰ অপেক্ষাৰে ৰৈ থকা ব’হাগক । এই অপেক্ষাতেই প্রতিজন অসমীয়াই বিচাৰি পায় সুখৰ চানেকী সেয়েহে অনুভৱ কৰা যায় চ’তৰ বুকুতেই প্রাণবন্ত হয় বসন্তৰ সৌন্দৰ্য্যৰ সজীৱতা……..
চ’তৰ পৰিসমাপ্তি ঘটিবলৈ আৰু মাত্র কিছু পল বাকী সেয়ে চ’তৰ মাদকতাৰ অনুভৱ অলপ ব্যক্ত কৰি আমাৰ নিচেই পদূলিত ৰৈ থকা হেঁপাহৰ বিহুটিক আদৰিবলৈ অতি উৎসাহেৰে সকলোকে আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ…