বসন্তৰ বতৰা লৈ আহিবা – আয়শা ছিদ্দিকা

Pc Bangla News

বসন্তৰ বতৰা লৈ আহিবা 

 আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা 

মোৰ শুষ্ক হৃদয়খন
তোমাৰ দুহাতৰ প্ৰেমৰ স্পৰ্শত
জীপাল কৰিবা আকৌ।
ফাগুনৰ পলাশ, মদাৰ, শিমলুৰ
সেই ৰক্তিম ৰঙৰ বোলেৰে
ৰঙহীন মোৰ জীৱনটো
ৰংচঙীয়া কৰি তুলিবলৈ
তুমি এবাৰ আহিবা।
মই ৰৈ থাকিম তুমি অহালৈ
সুঠাম হৃদয়ত পুষ্পৰে সজোৱা
মৰমৰ দলিছা পাৰি।
আহিবা তুমি বসন্ত হোৱাদি
জীৱনক নতুন ৰূপে
নতুন ৰঙে, নতুন ভূষাৰে সজাই
আপোন কৰি ল’বলৈ।
কুলিৰ শুঁৱলা মাত হোৱাদি
মন প্ৰাণ শাত পেলাই
জুৰিবা জীৱনৰ গীত
পোৱা-নোপোৱা, কামনা-বাসনা‚
হাঁহি-কান্দোন সকলো সামৰি
নিনাদী সুৰত বাঁহী বজাবা ।
মই শুনিম শান্ত শ্ৰোতা হৈ
সাধু সাধু লগা
তোমাৰ প্ৰতিটো সুৰীয়া কথা ।
আহিবা তুমি ফাগুনৰ
দুষ্ট পছোৱাক নেউচি
বসন্তৰ বতৰা লৈ।