বসন্তৰ গান – প্ৰভাত বণিয়া

Pc অসমীয়া ৱিকিপিডিয়া-Wikipedia

বসন্তৰ গান

প্ৰভাত বণিয়া

গছে বনে সেউজীয়া‌ ধুনীয়া পৃথিৱী
জিৰ জিৰ নিজৰাৰ কুলু কুলু গান ফুলিছে ফুল
নাহৰ,তগৰ,গোলাপ আৰু কপৌফুল
কোমল কুঁহিপাত‌‌ৰ‌ আৰে আৰে
লহ্পহীয়া ডালে ডালে
নাচিছে কুলি কেতেকী
গাইছে গীত সুললীত সুৰে

আবেগ বিহ্বল প্ৰাণ
পোহৰৰ পদধ্বনি
সৰ সৰ আনন্দাশ্ৰু
উৰুলি জোকাৰ শংখধ্বনি
উটিছে ভাঁহিছে
তোমাৰ দেহৰ গোলাপী সুৱাস

আমোলমোল আজি
মোৰ বিদিৰ্ণ পদূলি।