বসন্তৰ কলাজ – ৰিজু মণি বৰা

বসন্তৰ কলাজ

ৰিজু মণি বৰা,
নগাঁ

তিল তিলকৈ মৰা ৰাতিটো
শুই থাকোতে
আন্ধাৰক দুফাল কৰি
এখন এম্বুলেন্স উৰি যায়
লগত লৈ যায়
এটি উশাহ

জিলিৰ মাতত দুপৰীয়াটো গজোঁতেই
আঁকিছিলো বসন্তৰ এখন কলাজ
তৰাং নদীৰ বুকু ফুলি উঠক
তগৰৰ সুৱাসেৰে…

জুয়ে পুৰা দুটা নিমখীয়া বাট
খহি পৰিল
জোনৰ পোহৰত

ক’ৰবাত কুলিয়ে বিনাইছে
বসন্তৰ কলাজ
আকাশত আকৌ উৰিছে