বসন্তই ধোৱা সেউজ
যমুনা দুলু বৈশ্য,শুৱালকুছি
প্ৰতিটো বসন্ততে জীৱনৰ এছাটি জুৰ মলয়াৰে
আহা মৰমেৰে মিলনৰ জগোৱা অনুভূতিৰ
স্পন্দনত সাৰপায় প্ৰতি মুহূৰ্তৰ নকলেও
বুজি পোৱা প্ৰণয়ৰ হাবিয়াস ,
ৰং তুলনা নাই যি ৰঙে দিয়ে ,হৃদয়ত
খাপ খুৱাই বসন্তই ধোৱা সেউজ বৰণ ,
যত নাথাকে তোমাৰ মোৰ একো ভেদা-ভেদ
নিঃস্বাৰ্থ ভাৱে ভাললগা বোৰ সদায়
যেন থাকে জ্যোতিষ্মানৰে যুগমীয়া হৈ ,
প্ৰতিটো পলে স্মৰণীয় ,সেই পূৱটিৰ বাৰ্তাৰে
সপোন দেখুৱা দিকচৌ সেন্দুৰীয়া বাটে
অহা আশাবোৰ আজিও সপোন দেখুৱাই ,
এয়া যে আকুলতাৰে বিচাৰি ফুৰা মনৰ
আহ্বানক এতিয়াও ছাগে নীৰৱতাই
আছে আবৰি ,কিমান ভাল পালে , অভিমানৰ
ঠেহবোৰ ভাঙিব , বৰদৈচিলাৰ দৰে
ভাঙি ছিঙি নকৰিবা আমনি ,হব নহলে
নিজৰ কোমল হিয়াতে লাগিব আচোঁৰ ।