বশিষ্ঠৰ বাজপেয়ী ভৱনত দলৰ কৰ্মীৰ সৈতে মত-বিনিময় প্ৰধানমন্ত্ৰী মোদীৰ

বশিষ্ঠৰ বাজপেয়ী ভৱনত দলৰ কৰ্মীৰ সৈতে মত-বিনিময় প্ৰধানমন্ত্ৰী মোদীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সৰুসজাইৰ পৰা এক বৃহৎ ৰোডশ্ব’ৰ নেতৃত্ব দি মহানগৰীৰ বশিষ্ঠস্থিত বাজপেয়ী ভৱনত প্ৰথমবাৰৰ বাবে উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।প্ৰথমবাৰৰ বাবে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত এগৰাকী প্রধানমন্ত্রী উপস্থিত হোৱাক লৈ শাসকীয় দলটোৰ কাৰ্যকৰ্তাৰ মাজত পৰিলক্ষিত হ’ল ব্যাপক উৎসাহ। ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত প্রধানমন্ত্রী মোদীক সভাপতি দিলীপ শইকীয়াকে ধৰি দলীয় শীর্ষ বিষয়াসকলে উষ্ম আদৰণি জনায়। উল্লেখ্য যে বিধানসভা নির্বাচনৰ প্ৰাক্ষণত প্ৰধানমন্ত্ৰীৰ এই আগমনক গুৰুত্বসহকাৰে গ্ৰহণ কৰি ৰাজ্যিক বিজেপিয়ে অনুষ্ঠিত কৰিলে এক বিশেষ বৈঠক। দলৰ ৩৯খন সাংগঠনিক জিলাৰ সভাপতি আৰু জিলা প্ৰভাৰীৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত উপস্থিত থাকিল মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, পৱিত্ৰ মাৰ্ঘেৰিটা, সভাপতি দিলীপ শইকীয়া, সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী, কেন্দ্রীয় নেতা সম্বিত পাত্র, কামাখ্যা প্রসাদ তাছাকে ধৰি কেইবাজনো জ্যেষ্ঠ নেতা। এই বৈঠকতে প্রধানমন্ত্রীয়ে নিৰ্বাচনৰ প্ৰাক্‌ক্ষণত তৃণমূল পর্যায়ত জিলা সভাপতি আৰু জিলা প্ৰভাৰীসকলৰ কৰ্তব্য-দায়িত্ব সম্পর্কে বিভিন্ন পৰামৰ্শ প্রদান কৰে। দলৰ কেইবাগৰাকীও মন্ত্ৰী, সাংসদ তথা জ্যেষ্ঠ নেতাকে ধৰি প্ৰধনামন্ত্ৰী মোদীৰ বৈঠকত উপস্থিত থাকিল প্রায় ২৭০গৰাকী ৰাজ্যিক বিজেপিৰ দলীয় কাৰ্যকৰ্তা। এই বৈঠকত দলৰ সাংগঠনিক দিশ সন্দৰ্ভতো ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰীৰ ওচৰত বিস্তৃত ব্যাখ্যা কৰা হয়। প্রায় এঘণ্টা সময় বাজপেয়ী ভৱনত অতিবাহিত কৰাৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীয়ে কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালালৈ যাত্ৰা কৰে।