বশিষ্ঠৰ আৰক্ষীৰ প্ৰহাৰৰ ঘটনাৰ নতুন মোৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বশিষ্ঠৰ আৰক্ষীৰ প্ৰহাৰৰ ঘটনাৰ নতুন মোৰ। বশিষ্ঠ থানাৰ আন এজন কনিষ্টবলক ফোনযোগে ভাবুকি। ফোনযোগে প্ৰাণনাশৰ ভাবুকি কনিষ্টবল প্ৰাঞ্জল শইকীয়াক। অচিনাক্ত নম্বৰৰ পৰা ফোনযোগে ভাবুকি আৰক্ষীক বিষয়াগৰাকীক। উল্লেখ্য যে বেলতলাৰ The ECHO নামৰ বাৰত প্ৰদীপ বসুমতাৰী নামৰ এজন আৰক্ষী জোৱানক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ লগতে ম’বিল ঢালি জ্বলাই দিয়াৰ চেষ্টা চলাইছিল অংকুৰ দত্ত, দেৱনন্দ দেৱ আৰু কৃশানু লহকৰে। তাৰ পিছতে আৰক্ষীয়ে তিনিওকে গ্ৰেপ্তাৰ কৰিছিল যদিও নিশাই যাবলৈ দিছিল আৰক্ষীয়ে। এই সমগ্ৰ ঘটনা সোমাই পৰিছিল ৰহস্যৰ আৱৰ্তত।শনিবাৰে নিশা সংঘটিত হোৱা এই ঘটনাৰ পিছতে আৰক্ষীৰ ভূমিকাক লৈও সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। কোনোধৰণ ব্যৱস্থা গ্ৰহণ নকৰাকৈয়ে অদৃশ্য শক্তিৰ কৃপাত আৰক্ষীয়ে অভিযুক্তক এৰি দিয়াৰ অভিযোগ উত্থাপন হৈছিল।উল্লেখ্য যে ঘটনাৰে নাম সাঙোৰ খাইছিল অসমীয়া ধাৰাবাহিক দুগৰাকী অভিনেত্ৰীৰ। এগৰাকী অভিনেত্ৰী আৰু ব্যৱসায়ী অংকুৰ দত্তৰ Bachelor পাৰ্টী সূত্ৰপাত হৈছিল ভয়ংকৰ কাণ্ড। তাৰ পিছতে ৰহস্যজনকভাৱে আৰক্ষীয়ে এৰি দিছিল ৫ ধনীৰ দুলালক।