বলৱান,স্বাস্থ্যৱান হৈ আছে আমাৰ মৰমৰ জয়মালা

Pc the Janambhumi

বলৱান,স্বাস্থ্যৱান হৈ আছে আমাৰ মৰমৰ জয়মালা

ৰঙিলী বাৰ্ত্তাসেৱা- আমাৰ মৰমৰ জয়মালা বলৱান, স্বাস্থ্যৱান আৰু উদ্যমী হৈ আছে।কেন্দ্ৰীয় বন পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ে টুইটযোগে ঘোষণা কৰিছে এই কথা। জয়মালাক লৈ অসম আৰু তামিলনাডু চৰকাৰৰ মাজত সৃষ্টি হোৱা সংঘাতৰ অৱসান ঘটাবলৈ কেন্দ্ৰীয় চৰকাৰে লৈছে পদক্ষেপ।কেন্দ্ৰীয় বন পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ে টুইটযোগে ঘোষণা কৰি জনাইছে যে,আমাৰ মৰমৰ জয়মালা বলৱান,স্বাস্থ্যৱান আৰু উদ্যমী হৈ আছে।বৰ্তমাৰ দলটোৱে হাতীজনীৰ ভাল যত্ন লৈ আছে।জয়মালা এতিয়া সকলো সুস্থ আৰু হৃদয়ৱান।হাতী জয়মালাক ভালদৰে চোৱাচিতা কৰা হৈছে।”উল্লেখযোগ্য যে, জয়মালাক ঘূৰাই আনিবলৈ অসম চৰকাৰে এটা দলক তামিলনাডুলৈ প্ৰেৰণ কৰিছিল যদিও অসমৰ দলটোৱে জয়মালাক সাক্ষাত কৰাৰ অনুমতি লাভ নকৰিলে।আন্তৰ্জাতিক ভাৱে প্ৰশংসিত হাতী চিকিৎসক পদ্মশ্ৰী (ড০) কুশল কোঁৱৰ শৰ্মাকে ধৰি বিশেষজ্ঞৰ এটা দলে তামিলনাডুৰ মন্দিৰত জয়মালা আৰু আন বন্দী হাতীক ঘৰলৈ ঘূৰাই আনিবলৈ চেন্নাইলৈ গৈছিল।অসমৰ দলটোক জয়মালা আৰু আন হাতীবোৰ পৰীক্ষা কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল।তামিলনাডুৰ এটা মন্দিৰত থকা জয়মালাক অসমলৈ ঘূৰাই আনিবলৈ এতিয়া আইনৰ কাষ চাপিছে অসম চৰকাৰ।তামিলনাডুৰ বিষ্ণু মন্দিৰত থকা জয়মালা নামৰ অসমৰ হাতীটোক ঘূৰাই আনিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত আৱেদন দাখিল কৰিছে অসম চৰকাৰে।