বলীউডৰ প্ৰবীণ অভিনেতা আছৰাণী আৰু নাই

বলীউডৰ প্ৰবীণ অভিনেতা আছৰাণী আৰু নাই

ৰঙিলী বাৰ্ত্তাসেৱা- বলীউডৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান আছৰানী আৰু নাই।  দীপাৱলীৰ দিনটোতে সকলোকে কন্দুৱাই কেতিয়াও উভতি নহাৰ বাটেৰে তেওঁ গ’লগৈ।তেওঁ সম্পূর্ণ নাম আছিল গোবর্ধন আছৰানী।  আছৰানীৰ ভতিজা অশোক আছৰানীয়ে তেওঁৰ মৃত্যুৰ খবৰ নিশ্চিত কৰে।দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত সোমবাৰে বিয়লি প্ৰায় ৪ বজাত বলিউডৰ প্ৰখ্যাত তথা বহুমুখী প্ৰতিভাধৰ অভিনেতা গোবৰ্ধন আছৰানীৰ মৃত্যু হয়।  মুম্বাইৰ আৰোগ্য নিধি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল আছৰাণী৷ । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ।  সোমবাৰে পুৱা আছৰানীয়ে অনুৰাগীসকলক দীপাৱলীৰ শুভেচ্ছা জনাইছিল আৰু তাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে তেওঁৰ মৃত্যু হয়। সোমবাৰে ছান্টাক্ৰুজ পশ্চিমৰ শাস্ত্ৰী নগৰ শ্মশানত  আছৰানীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয়। জয়পুৰৰ ছেইণ্ট জেভিয়াৰ স্কুলৰ পৰা শিক্ষা গ্ৰহণ কৰা আছৰানীৰ কমেডীৰ ক্ষেত্ৰখনলৈ অৱদান অমূল্য । দশক দশক ধৰি তেওঁ হিন্দী চিনেমাত বহুতো স্মৰণীয় চৰিত্ৰ ৰূপায়িত কৰিছে । যিয়ে দৰ্শকৰ হৃদয়ত এক বিশেষ স্থান খোদিত কৰিছে ।কেইবাটাও দশক  হিন্দী চিনেমাক বহু স্মৰণীয় চৰিত্ৰ প্ৰদান কৰি দৰ্শকৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছিল আছৰানীয়ে। পাঁচ দশকৰো অধিক সময়ৰ অভিনয় কেৰিয়াৰত ৩৫০খনতকৈও অধিক ছবিত অভিনয় কৰিছিল আছৰানীয়ে। তেওঁৰ আটাইতকৈ উল্লেখযোগ্য অৱদান আছিল এজন কমেডিয়ান আৰু সহযোগী অভিনেতা হিচাপে, যিবোৰ ভূমিকা বহুতো ডাঙৰ হিন্দী ছবিৰ মেৰুদণ্ড হৈ পৰিছিল। ‘মেৰে আপনে’, ‘কৌশিচ’, ‘বাৱৰচি’, ‘পৰিচয়’, ‘অভিমান’, ‘চুপকে চুপকে’, ‘ছোটি ছি বাত’, ‘ৰফু চক্কৰ’কে ধৰি তেওঁ কেইবাখনো জনপ্ৰিয় ছবিত অভিনয় কৰে।অভিনয়ৰ বাহিৰেও আছৰানীয়ে চলচ্চিত্ৰ নিৰ্মাণৰ অন্যান্য দিশতো উল্লেখযোগ্য কৃতিত্ব লাভ কৰিছিল। তেওঁ কেইখনমান ছবিত মুখ্য নায়কলৈ সফলতাৰে পৰিৱৰ্তিত হয়, বিশেষকৈ ১৯৭৭ চনত তেওঁ লিখা আৰু পৰিচালনা কৰা সমালোচকৰ প্ৰশংসিত হিন্দী ছবি ‘চালা মুৰাৰী হিৰো বান্নে’ত। ‘ছালাম মেমছাব’ (১৯৭৯) আৰু আন কেইবাখনো ছবিৰে পৰিচালনাৰ ক্ষেত্ৰতো সমগ্ৰ কেৰিয়াৰত সফলতা অৰ্জন কৰিছিল। তেওঁৰ কাম গুজৰাটী চিনেমালৈও বিস্তৃত হৈছিল, য’ত তেওঁ মুখ্য চৰিত্ৰ গ্ৰহণ কৰিছিল আৰু ১৯৭০ আৰু ১৯৮০ চনৰ ভিতৰত যথেষ্ট সফলতা লাভ কৰিছিল। ৮৪ বছৰীয়া আছৰাণী শেহতীয়া কমেডী ছবি যেনে ‘ধমাল’ ফ্ৰেঞ্চাইজিৰ কামৰ বাবেও পৰিচিত । ছবিখনত অভিনেতা আশীষ চৌধাৰীৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰা ছবিখনে সমালোচকৰ প্ৰশংসা লাভ কৰে ।অৱশ্যে প্ৰবীণ অভিনেতাগৰাকীৰ আটাইতকৈ চিনাকি চৰিত্ৰ হৈছে ৰমেশ চিপ্পীৰ একচন-ড্ৰামা ‘শ্বোলে’ত জেইলাৰৰ চৰিত্ৰ । আছৰানীৰ মৃত্যুৰ খবৰে চলচ্চিত্ৰ জগতত শোকৰ ছাঁ পেলাইছে আৰু তেওঁৰ অনুৰাগীসকলে গভীৰ শোক প্ৰকাশ কৰিছে।