বলীউডৰ জনপ্ৰিয় অভিনেতা ধর্মেন্দ্ৰ আৰু নাই
ৰঙিলী বাৰ্ত্তাসেৱা- বলীউডৰ পৰা আহিছে এটা বেয়া খবৰ ৷ বলীউডৰ চলচ্চিত্র জগতৰ এসময়ৰ সুদর্শন নায়ক ধর্মেন্দ্ৰ আৰু নাই। হিন্দী চলচ্চিত্ৰৰ ৰোমাণ্টিক হিৰো তথা এক্সন হিৰো হিচাপে পৰিচিত যশস্বী অভিনেতাগৰাকীৰ সোমবাৰে পুৱাৰ ভাগতে মুম্বাইৰ নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ। যোৱা কিছুদিন ধৰি প্ৰবীণ অভিনেতাগৰাকী বার্ধক্যজনিত সমস্যাত ভুগি আছিল। মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। পৰৱৰ্তী সময়ত সুস্থ হৈ ঘৰলৈ উভতিছিল ধৰ্মেন্দ্ৰ।কিন্তু নিয়তিৰ ওচৰত তেওঁ হাৰ মানিবলগীয়া হয়। অভিনেতাগৰাকীৰ মৃত্যুত বলীউডকে ধৰি সমগ্ৰ দেশতে শোকৰ ছাঁ পৰে।উল্লেখযোগ্য যে যোৱা প্রায় ১৫টা দিন ধৰি সংকটজনক অৱস্থাত আছিল অভিনেতাগৰাকী। জানিব পৰা মতে, তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু তেওঁক ভেন্টিলেটৰতো ৰখা হৈছিল। তাৰ পিছতেই হাস্পতালত উপস্থিত হয়গৈ তেওঁৰ পত্নী হেমামালিনী। তাৰ পিছত হাস্পতালত উবুৰি খাই পৰে তেওঁৰ অনেক গুণমুগ্ধ। যোৱা ১১ নৱেম্বৰত দুর্ভাগ্যজনকভাবে সামাজিক মাধ্যমত বিয়পি পৰে ধৰ্মেন্দ্ৰৰ মৃত্যুৰ বাতৰি। অৱশ্যে পৰৱৰ্তী সময়ত এই বাতৰিটো নস্যাৎ কৰে তেওঁৰ পৰিয়ালৰ লোকসকলে। তেওঁক পিছলৈ ঘৰলৈ অনা হয় যদিও সোমবাৰে পুৱা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। অভিনেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ শেষ যাত্ৰাত উপস্থিত হয় পত্নী হেমামালিনী-কন্যা ঈশা দেউল। তদুপৰি অমিতাভ বচ্চন, অভিষেক বচ্চন, চলমান খানসহ চলচ্চিত্র উদ্যোগৰ অনেক লোকে তেওঁৰ শেষ যাত্ৰাত ভাগ লয়। মুম্বাইৰ ভিলে পার্লে শ্মশানত সম্পন্ন কৰা হয় অভিনেতাগৰাকীৰ শেষকৃত্য। মুখাগ্নি কৰে তেওঁৰ জ্যেষ্ঠ পুত্র ছানী দেউলে। উল্লেখযোগ্য যে বলীউডৰ হিন্দী চলচ্চিত্র জগতখনত হি-মেন হিচাপে খ্যাত ধর্মেন্দ্ৰৰ জন্ম হৈছিল ১৯৩৫ চনত। শিখ-জাঠ বংশোদ্ভৱ অভিনেতাগৰাকীৰ কেৰিয়াৰৰ আৰম্ভণি ঘটিছিল ৰোমাণ্টিক হিৰো হিচাপে। ১৯৬০ চনত অর্জুন হিংগোৰাণীৰ চলচ্চিত্র ‘দিল ভি তেৰা হাম ভি তেৰে’ত অভিনয়েৰে তেওঁ ৰূপালী পর্দাত ভুমুকি মাৰে। ১৯৬১ চনত ‘চোলা ঔৰ চবনম’ চলচ্চিত্ৰৰ যোগেদি তেতিয়াৰ ২৬ বছৰীয়া সুদর্শন যুৱকজনে চলচ্চিত্রপ্রেমীৰ দৃষ্টি আকর্ষণ কৰে। প্ৰথম অৱস্থাত ৰোমাণ্টিক হিৰো হিচাপে নিজৰ কেৰিয়াৰ গঢ়িলেও পিছলৈ তেওঁ একচন হিৰো হিচাপে জনপ্রিয় হৈ পৰে। তেওঁৰ ‘চুন চুন কে মাৰুংগা’ সংলাপে ভাৰতীয় উপ-মহাদেশৰ জনসাধাৰণৰ মন চুই গৈছিল। ৬০ৰ দশকত তেওঁ অভিনয় কৰা জংলী, প্ৰফেছৰ, চাইনা টাউন, লাভ ইন টকিঅ’ আদি চলচ্চিত্রই বিপুল জনপ্রিয়তা অর্জন কৰিছিল। তেনেদৰে ‘বাজী’ বা ‘আখে’ৰ দৰে থ্রীলাৰধৰ্মী চলচ্চিত্ৰত অভিনয় কৰিবলৈ লৈ ধৰ্মেন্দ্ৰই নিজৰ প্ৰতিভাৰ পৰিচয় দিয়ে। ১৯৭১ চনৰ চলচ্চিত্র ‘মেৰা গাঁও মেৰা দেশ’ চলচ্চিত্ৰত নায়কৰ ভূমিকাত আছিল ধর্মেন্দ্ৰ। ১৯৭৫ চনত ৰমেশ চিপ্পিৰ ‘শোলে’ চলচ্চিত্রখনে ইতিহাস গঢ়িবলৈ সক্ষম হয়। ৪০ বছৰীয়া ধর্মেন্দ্ৰ আৰু ৩৫ বছৰীয়া অমিতাভ বচ্চনে ছবিখনত কান্ধত কান্ধ মিলাই অভিনয় কৰি দৰ্শকৰ মন জয় কৰে। চলচ্চিত্ৰখনৰ ‘জয় ‘ৰূপী অমিতাভবচ্চন আৰু বীৰুৰূপী ধর্মেন্দ্ৰই আজিও দৰ্শকৰ মনত চাপ বহুৱাই ৰাখিছে। ৮০ৰ দশকত ‘ৰাম বলোৰাম’ বা ‘ক্রোধি’ আদি চলচ্চিত্ৰত তেওঁ অভিনয় কৰি নিজৰ পৰিচয় অক্ষুণ্ণ ৰাখে। তেনেদৰেই ৯০ৰ দশক বা তাৰ পৰৱৰ্তী সময়ৰ চলচ্চিত্রসমূহতো তেওঁ অভিনয় অব্যাহত ৰাখে। ২০২৩ বৰ্ষৰ চলচ্চিত্ৰ ‘ৰকী ঔৰ ৰাণী কী প্রেম কাহানী’ চলচ্চিত্ৰত ৮৭ বছৰ বয়সতো তেওঁ ৰোমাঞ্চৰ সুন্দৰ ৰূপায়ণ কৰে। তেওঁৰ অন্তিমখন চলচ্চিত্র আছিল ‘ইক্কিছ’। যোৱা মাহত চলচ্চিত্ৰখনৰ ট্রেইলৰটিও তেওঁ পোষ্ট কৰিছিল। চলিত বৰ্ষতে মুক্তি পাব চলচ্চিত্রখনে। কিন্তু অহা মাহৰ ৮ তাৰিখে ৯০ বছৰত ভৰি দিবলগীয়া বিশিষ্ট অভিনেতাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। আনহাতে অভিনেতাগৰাকীৰ পৰলোকপ্ৰাপ্তিত ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে শোক প্রকাশ কৰিছে। ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে শোক প্রকাশ কৰি কয়- ‘বিশিষ্ট অভিনেতা তথা প্রাক্তন সাংসদ শ্রীধমেন্দ্ৰজীৰ দেহাৱসান ভাৰতীয় চলচ্চিত্ৰৰ বাবে এক ডাঙৰ ক্ষতি। অতি জনপ্রিয় অভিনেতাসকলৰ ভিতৰত অন্যতম হিচাপে তেওঁ কেইবা দশকজোৰা অভিনয়ৰ কেৰিয়াৰৰ সময়ত অসংখ্য স্মৰণীয় অভিনয় কৰি থৈ যায়। ভাৰতীয় চলচ্চিত্ৰৰ এগৰাকী শীর্ষ ব্যক্তিত্ব হিচাপে তেওঁ এৰি থৈ যোৱা কর্মচিহ্নবোৰে নতুন প্ৰজন্মৰ শিল্পীসকলক অনুপ্রাণিত কৰি যাব।’ শিল্পীগৰাকীৰ মৃত্যুত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়েও গভীৰ শোক প্রকাশ কৰে। এটা শোকবার্তাত তেওঁ লিখিছে- ‘ভাৰতীয় চলচ্চিত্ৰৰ এটা যুগৰ অৱসান ঘটিল। তেওঁ আছিল এগৰাকী আইকনিক চিনে ব্যক্তিত্ব, এজন অসাধাৰণ অভিনেতা, যিগৰাকীয়ে প্ৰতিটো চৰিত্ৰতে সমানভাবে প্রাণ প্রতিষ্ঠা কৰিছিল, বিভিন্ন চৰিত্ৰত অভিনয় কৰি অসংখ্য মানুহৰ মন জয় কৰিছিল। এই কঠিন সময়ত তেওঁৰ পৰিয়াল তথা বন্ধু-বান্ধৱৰ প্ৰতি আমাৰ সমবেদনা জনালোঁ।’
