বলিয়া ফাগুন
মৃদুলা বৰুৱা, তেজপুৰ
“বলিয়া বতাহজাকে
চৌদিশে আবিৰৰ ৰং ছটিয়াই
মোৰ বুকুলৈ প্ৰেমৰ সুবাস বোৱাইছে ।”
ৰʼব ৰʼব এইয়া মই নহয়
কোনোবা কবিয়েহে কৈছে,
ফাগুনে মোলৈ প্ৰেমৰ সুবাস নহয়
বেমাৰৰ বীজাণুহে বিয়পাইছে।
পুৱাই ওলাই অহা বাটটোত
ফাগুনে ধূলি-মাকতি এসোপা ছটিয়াই
নাকে-কাণে ফাগুনৰ বা লগাইছে।
নাজানো কেনেকৈ কবিৰ ভাষাত
ফাগুন ইমান ৰঙীন হয়,
মোৰচোন মনত থকাৰে পৰা
ফাগুনে বলিয়ালি হে কৰিছে।
সৌ তাহানিতে আইক দেখিছিলোঁ
ফাগুনৰ পৰশত পুৱা গধূলি কেইবাবাৰো
ককাল বেকা কৰি চোতাল সৰা
ধূলিয়ৰি বাটেৰে গৰু চʼৰাবলৈ যাওতে
পিতাইৰ গোৰোহাত ফাগুন লাগি ৰয়।
সময় সলনি হয়
ফাগুন পিছে আজিও একেই,
পাৰ্থক্য মাথোঁ এটাই
তাহানিৰ আইৰ ককালৰ বিষটো
মোৰ শৰীৰত বয়
পিতাইৰ দৰে মোৰ গোৰোহাটো
ফতুৱাই ফাট লয় ।
মোৰ নাকে, কাণে, গালে, চুলিয়ে
ফাগুন নামে,
সৰা পাতৰ ভাজে ভাজে অহা ফাগুনে
এতিয়া মোৰ সৰ্ব শৰীৰত
ঔষধৰ সতে যুঁজ বাগৰ কৰে,
নাজানো বিজয় মুকুট ফাগুনে
নে ঔষধে পিন্ধে।