বলিকটিয়াতো আমছুৰ ক’লা দিৱস পালন

বলিকটিয়াতো আমছুৰ ক’লা দিৱস পালন

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্য খনৰ অন্যান্য জিলা সমূহৰ লগতে আজি নগাঁও জিলাৰ বলিকটিয়াতো আমছুৱে ক’লা দিৱস পালন কৰে। জানিব পৰা মতে,সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু বলিকটিয়া আঞ্চলিক সমিতিৰ সহযোগত ১৯৮৩ চনৰ নেলী গণ হত্যাৰ প্ৰতিবাদত আজি বাটমাৰী সোনাইবেৰা হাফিজিয়া আৰু ক্কাৰিয়ানা মাদ্ৰাছাৰ প্ৰাঙ্গনত আমছুৱে ক’লা দিৱস পালন কৰে।আমছুৰ কৰ্মীয়ে ক’লা বেজ পৰিধান কৰি আজি পুৱা ১০ বজাত নেলীৰ হত্যা কাৰী সকলক শাস্তি প্ৰদান কৰিব লাগিবই,উই ৱাণ্ট জাষ্টিচ,নো জাষ্টিচ নো ৰেছ, নেলীত হত্যা হোৱা ব্যক্তি সকলক ন্যায় প্ৰদান কৰিব লাগিবই আদি ধ্বনিৰে শ্লোগান দি বাটামাৰী সোনাইবেৰাৰ আকাশ বতাহ কপাই তোলে। মৰিগাঁও জিলাৰ নেলীৰ আলি সিংহ,খোলা পথাৰ,বসুন্ধাৰী,বুগডুবা বিল,বুগডুবা হাবি,বৰজলা,বুতুনী,ইন্দুৰমাৰী,মাটি পৰ্বত,মুলাধাৰী,শিলভেটাকে আদি কৰি প্ৰায় ১৪ খন গাৱৰ গণ হত্যাত শ্বাহীদ হোৱা কণ-কণ শিশু, বৃদ্ধ, মহিলা সকলোকে যাতে মহান আল্লা তালাই জান্নাত দান কৰে তাৰেই কামনাৰে দোৱা প্ৰাৰ্থনাও অনুষ্ঠিত হয়।আজিৰ এই ক’লা দিৱস অনুষ্ঠান টোত আমছুৰ কেন্দ্ৰীয় সমিতি, জিলা সমিতি আৰু আঞ্চলিক সমিতিৰ বিষয়-ববীয়া সকল উপস্থিত আছিল।