বলিউদৰ ছবিত ৫৪ বছৰৰ আগৰ যোৰহাট, ধুবুৰী নগৰৰ দৃশ্য দেখা যাব – অঞ্জু শাণ্ডিল্য

বলিউদৰ ছবিত ৫৪ বছৰৰ আগৰ যোৰহাট, ধুবুৰী নগৰৰ দৃশ্য দেখা যাব

অঞ্জু শাণ্ডিল্য

১৯৭৪ৰ পৰা ১৯৭৬ৰ ১৪ ফেব্ৰুৱাৰীলৈকে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত প্ৰায় আঢ়ৈ বছৰ কটাইছিল এজন মৃত্যুদণ্ডৰে দণ্ডিত কয়দীয়ে। কয়দীজনে চাৰিটাকৈ হত্যাকাণ্ড সংঘটিত কৰিছিল। হত্যাকাণ্ডৰ বাবে অনুতপ্ত কয়দীজনে যোৰহাট কাৰাগাৰত থকা কালছোৱাত শাস্ত্র অধ্যয়ন কৰি কটাইছিল। কাৰাগাৰৰ সেই নির্জন কোঠাত গগন পাঠক নামৰ এজন ৱাৰ্ডাৰে কীৰ্তন, ভাগৱত, পুৰাণ, নামঘোষা আদি শাস্ত্ৰ যোগাৰ কৰি দিছিল। আৰু কয়দীজনে সেইবোৰ শাস্ত্ৰ অধ্যয়ন কৰাৰ পাছত গগন পাঠকক ভাঙনি কৰি শুনাইছিল। ১৯৭৬ৰ ১৪ ফেব্ৰুৱাৰীৰ পুৱতি নিশা গগণ পাঠকে কয়দীজনক তুলসী পাত তিওৱা পানীৰে গা-ধুৱাই বগা সাজযোৰ পিন্ধাই দিছিল আৰু কয়দীজনক ফাঁচি দিয়া হৈছিল। কয়দীজন কিন্তু সাধাৰণ আচামী নাছিল। ১৯৭০ৰ ফেব্ৰুৱাৰীত ধুবুৰী  চহৰত অৱসৰপ্ৰাপ্ত এজন ন্যায়াধীশে চাৰিটাকৈ হত্যাকাণ্ড কৰিছিল, ধুবুৰী চহৰৰ এক নম্বৰ বাৰ্ডত থকা চৰকাৰী বাসভৱনত। চাৰিবাৰ ধুবুৰী জিলা কাৰাগাৰত কাৰাবন্দী ন্যায়াধীশজনক পাছত যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ৰখা হয়। ১৯৭০ৰ ফেব্ৰুৱাৰীতে হত্যাকাণ্ড সংঘটিত হৈছিল যদিও পাঁচ মাহলৈকে আৰক্ষীয়ে হত্যাকাণ্ডৰ শুংসূত্ৰ উলিয়াব পৰা নাছিল। হত্যাকাৰীয়েও একো প্রমাণ এৰি থোৱা নাছিল। আৰু স্বাভাবিক জীবন কটাইছিল। হত্যাকাণ্ডৰ বলি হৈছিল ন্যায়াধীশজনৰ পত্নী আৰু তিনি কন্যা। পত্নী-কন্যাক ফুৰিবলৈ যোৱা বলি ফাকি দিছিল। কিন্তু পাঁচমাহলৈকে পত্নী-কন্যা ঘৰলৈ উভতি নহাত বহুতৰে সন্দেহ হ’ল। অৱশেষত তেতিয়াৰ আইজিপি বৰদা শৰ্মাই অভিযোগ আৰম্ভ কৰে। পশ্চিমবংগৰ শিলিগুৰিৰ ছেভয় হোটেলত আত্মগোপন কৰি থকা ন্যায়াধীশজনক বৰদা শৰ্মাই আটক কৰে। আটক কৰাৰ সময়ত ন্যায়াধীশগৰাকীয়ে পেটত চুৰি মাৰি আত্মহত্যাৰ চেষ্টা কৰি বিফল হয়। আৰক্ষীৰ জেৰা আৰু অনুসন্ধানত ধুবুৰী চহৰৰ এক নম্বৰ ৱাৰ্ডত থকা বাসভবনৰ চৌহদৰ দুটা গাঁতৰ পৰা মৃতদেহৰ গেলি-পচি যোৱা অৱশিষ্ট অংশ, উদ্ধাৰ হয়। আশ্চর্যজনক কথা, মৃতদেহ উদ্ধাৰ হোৱা দিনাই ন্যায়াধীশজনৰ বাসভবনত মালীৰূপে থকা এছ দাস নামৰ লোকজনে ধুবুৰী অসামৰিক চিকিৎসালয়ৰ মৰণোত্তৰ পৰীক্ষাৰ কোঠালিত চিপ লৈ আত্মহত্যা কৰে। ন্যায়াধীশজনৰ গাড়ীচালক উমেশ বৈশ্যই হত্যাকাণ্ড সংঘটিত কৰোতে ন্যায়াধীশজনক সহায় কৰিছিল। প্রায় ডেৰ বছৰ ধৰি ধুবুৰী আদালতত বিচাৰ চলাৰ অন্ততঃ ১৯৭৩ত বনোৱাৰীলাল হালছাবিয়া আদালতে ন্যায়াধীশজনক ফাঁচিৰ হুকুম দিয়ে। ন্যায়াধীশ হানছাৰিয়াও সেই অভিশপ্ত বাসভৱনটোতে আছিল। হানছাৰিয়া বদলি হৈ যোৱাৰ পাছত কোনো ন্যায়াধীশ বাসভৱনটোত থকা নাছিল। স্থানীয় লোকে বাসভৱনটো ভূত বাংলা নামেৰে অভিহিত কৰে। সমগ্র অসমত আলোড়ন তোলা এই নৃশংস হত্যাকাণ্ডৰ প্ৰতিবেদন প্রকাশ হৈছিল প্রতি সপ্তাহত অসম বাণীত। ৭০ৰ দশকৰ জনপ্রিয় সাংবাদিক, গল্পকাৰ ঔপন্যাসিক নিৰোদ চৌধুৰীয়ে নিজে অনুসন্ধান কৰি প্রতিবেদন লিখিছিল। প্রথম অৱস্থাত আইজিপি বৰদা শৰ্মাৰ লগত জীপেৰে, তাৰ পাছত বাছ, বন্ধুৰ গাড়ী, ট্রেইন আদিৰে গৈও ক্ষেত্রভিত্তিক অনুসন্ধান কৰিছিল। অপৰাধৰ্মী ডিটেকটিভ উপন্যাসৰ দৰে প্রতিবেদনবোৰ প্ৰকাশ হোৱাত, প্রতি সপ্তাহে অসম বাণী প্রকাশ হোৱালৈ পাঠকে অধীৰ আগ্ৰহেৰে বাট চাইছিলো। মহাৰথী চন্দ্রপ্রসাদ শইকীয়ালৈ কৈছিল- ‘হত্যাকাণ্ডৰ ঘটনাক সাহিত্যলৈ উন্নীত কৰিব পৰা ক্ষমতা প্ৰদৰ্শন কৰিব পৰাজনেই হৈছে নিৰোদ চৌধুৰী।’ নিৰোদ চৌধুৰীৰ প্ৰতিবেদনৰ ভিত্তিত নন্দ তালুকদাৰ মাউণ্ডেচনে বিচাৰক ৰাজখোৱাৰ ফাঁচি শীর্ষক গ্রন্থ প্রকাশ কৰিছিল। পাঠকে নিশ্চয় অনুমান কৰিব পাৰিছে, ফাঁচি কাঠত ওলমা ন্যায়াধীশজন কোন। সেইজন উপেন ৰাজখোৱা। উক্ত গ্রন্থখনত আটাইবোৰ প্ৰতিবেদন প্রকাশ হোৱা নাছিল। পাছত নিৰোদ চৌধুৰীৰ পত্নী ডাঃ ইন্দিৰা চৌধুৰীৰ সম্পাদনাত অভিযুক্ত বিচাৰক ৰাজখোৱা গ্ৰন্থখনতহে সমগ্র প্রতিবেদন প্রকাশ পায়। নিজে ন্যায়াধীশ হৈ থাকোতে কোনোদিনে কাকো ফাঁচিৰ হুকুম দি নোপোৱা উপেন ৰাজখোৱাই অৱশেষত যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচিকাঠত ওলমিল।

১৯৭৭ত ‘পাপ আৰু প্ৰায়চিত্ত’ ছবিখন হত্যাকাণ্ডৰ কাহিনীৰে নিৰ্মাণ কৰা হৈছিল। ছবিখন জনপ্রিয় হৈছিল। বছৰৰ পাছত বছৰ বাগৰি গ’ল। ৭০ দশকৰ বহু লোক আজি ইহসংসাৰত নাই। বহুতে কথাবোৰ পাহৰিও গৈছিল।২০১৭ত ভূতবাংলা চৰকাৰী প্ৰচেষ্টাত ভাঙি দিয়াত আকৌ কথাবোৰ চৰ্চালৈ আহিছিল। ‘ভূতবাংলা’ৰ ঠাইত ছয় মহলাযুক্ত এটা অট্টালিকাৰ কাম আৰম্ভ কৰা হয়। ২০১৭ৰ দুই ডিচেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজিত সিঙে অট্টালিকাটোৰ আধাৰশিলা স্থাপন কৰে। বর্তমান সম্পূর্ণ হৈ উঠিছে অট্টালিকাটো আৰু ইয়াতেই চলিব ধুবুৰী আদালত হ’ব উপেন ৰাজখোৱাই সংঘটিত কৰা হত্যাকাণ্ডৰ আধাৰত এখন ছবি। উপেন ৰাজখোৱাৰ চৰিত্ৰ ৰূপায়ণ কৰিব জনপ্রিয় অভিনেতা নৱাজউদ্দিন ছিদ্দিকিয়ে। ফৈজুদ্দিন ছিদ্দিকিয়ে প্রযোজনা কৰা ছবিখনক এতিয়ালৈকে নাম স্থিৰ হোৱা নাই। বলিউদৰ এই ছবিখনত জিলিকি উঠিব যোৰহাট, ধুবুৰী নগৰ; কিন্তু বৰ্তমানৰ যোৰহাট, ধুবুৰী নগৰ নহয়, ৫৪ বছৰৰ আগৰ। ‘বজৰংগী ভাইজান’ত ইতিবাচক চৰিত্ৰত অভিনয় কৰা নৱাজউজ্জিন চিদ্দিকিক আজিও দৰ্শকে পাহৰিব পৰা নাই; কিন্তু ন্যায়াধীশ উপেন ৰাজখোৱাৰ চৰিত্ৰ ফুটাই তুলিব পাৰিবনে? সেয়া সময়েহে ক’ব।