ব’লা আমি দুয়ো পোহৰ বিচাৰি যাওঁ – দীপশিখা বৰা

ব’লা আমি দুয়ো পোহৰ বিচাৰি যাওঁ

দীপশিখা বৰা,
কাৰ্বি-আংলং,বালিপথাৰ
(১)
ব’লা…আমি দুয়ো পোহৰ বিচাৰি যাওঁ।
নীলিম আকাশৰ তলত  বহি
এটি  এটি   ক্ষণ  জীয়াওঁ।
প্ৰকৃতিৰ সেউজীয়াত নিজকে বিলীন হৈ
সকলো দুখ পৰিহাৰ কৰি আত্মবিভোৰ হও।
(২)
ব’লা …আমি দুয়ো পোহৰ বিচাৰি যাওঁ।
সেউজীয়াৰ মাজত এটি সৰু পজাঁ সাজি
জীয়া সপোনবোৰ এটি এটিকৈ তাতে ৰচোঁ।
 (৩)
ব’লা…আমি দুয়ো পোহৰ বিচাৰি যাওঁ।
আন্ধাৰকো নেউচি জীৱনৰ দুদিনীয়া বাটত
খোজত খোজ মিলাই জোনবাই দেশত
আশাৰ  সপোন  ৰচোঁ।
(৪)
ব’লা…আমি দুয়ো পোহৰ বিচাৰি যাওঁ
দুখবোৰ ভগাই সৰু সৰু সুখবোৰ বুটলি
এডাল মালা গাঁথি এখন নতুন পৃথিৱী গঢ়ো।
(৫)
ব’লা…আমি দুয়ো পোহৰ বিচাৰি যাওঁ।
শঠতা,বিদ্বেষে জৰ্জৰিত মানুহৰ পৰা আঁতৰি
শান্তিৰ   এক   পৰিৱেশত
জীৱনৰ বাকী সময়খিনি নিজকে গঢ়ো।