বলাৎকাৰ আৰু বলাৎকাৰীৰ এক দৃষ্টিকোণৰ ওপৰত এক আলোকপাত – মিনাক্ষী হাজৰিকা

PC - Live Law
বলাৎকাৰ আৰু বলাৎকাৰীৰ এক দৃষ্টিকোণৰ ওপৰত এক আলোকপাত
মিনাক্ষী হাজৰিকা, দেওমৰনৈ
বলাৎকাৰ শব্দটো সকলোৰে মাজত এটা খুবেই পৰিচিত শব্দ। আপুনি যেতিয়া গুগলত Rape শব্দটো টাইপ কৰি চাই তেতিয়াই বলাৎকাৰৰ লগত সম্পর্কিত হাজাৰ হাজাৰ নিউজ দেখা পাব। যেতিয়া ভালদৰে নিউজবিলাক পৰিলক্ষিত কৰে তেতিয়া দেখিব যে নিউজসমূহ প্ৰায় একসপ্তাহমান আগৰ। অৰ্থাৎ ইয়াৰ পৰা গম পাব পাৰি দেশত এনেকুৱা এটা অঞ্চল নাই য’ত বলাৎকাৰৰ দৰে ঘটনা সংঘটিত হোৱা নাই। অন্য এটা গুৰুত্বপূর্ণ কথা যে আমাৰ দেশৰ প্ৰায় ৯৯ শতাংশ ৰেপ কেছেই পঞ্জীয়ন কৰা নহ’য়। যদি আমি আমাৰ দেশৰ লগতে আন্তর্জাতিক পৰ্যায়তো পৰিলক্ষিত কৰো তেন্তে দেখা পাওঁ যে ৰেপ অথবা বলাৎকাৰক এক “যুদ্ধৰ অস্ত্র” (Weapon of War) ৰ দৰেই ব্যৱহাৰ কৰা হৈছে। উদাহৰণস্বৰূপে সেয়া শেহতীয়াভাৱে সংঘটিত হোৱা মণিপুৰৰ ঘটনাতেই জল জল পটপটকৈ ওলাই পৰে।কিন্তু এটা ডাঙৰ প্ৰশ্ন উত্থাপিত হ’য় যে বলাৎকাৰী সকলে বলাৎকাৰৰ দৰে ঘটনা সংঘটিত কৰে কিয়? এজন ব্যক্তিৰ মন মগজুত এনেকুৱা কি কথা অন্তনিৰ্হিত হৈ থাকে যে এইধৰণৰ কাৰ্য কৰিবলৈ উদ্যত হ’য়? যে কিয় মানুহ হোৱা স্বত্বেও হিংসুক হৈ উঠিবলৈ অলপো কুন্ঠাবোধ নকৰে? যেতিয়া আমাৰ দেশত বলাৎকাৰৰ দৰে ঘটনা সংঘটিত হ’য়। তেতিয়া বলাৎকাৰী জনৰ পৰিৱৰ্তে বলাৎকাৰৰ বলি হোৱা ভুক্তভোগী জনৰ ওপৰতহে বেছিকৈ গুৰুত্ব আৰোপ কৰা দেখা যায়। আচলতে এগৰাকী মহিলাই এনেকুৱা কি কাম কৰে যে তেওঁৰ আত্মসত্বাক ছিন্ন ভিন্ন কৰি দিয়াৰ দৰে ঘটনা তেওঁৰ লগত সংঘটিত হ’ব পায়। এনেকুৱা বহুতো বলাৎকাৰৰ ঘটনা আছে য’ত নেকি বলাৎকাৰী জনৰ পৰিৱৰ্তে বলাৎকাৰৰ বলি হোৱা জনকহে দোষাৰোপ কৰে। কিন্তু এনেধৰণৰ অমানৱীয় কাৰ্য কৰাৰ আৰঁত কি অভিসন্ধি লুকাই থাকিব পাৰে? মনোবিজ্ঞানী সকলে কৰা অধ্যয়ন অনুসৰি এইটো কথা ওলাই পৰিছিল যে বলাৎকাৰৰ আৰঁত বহুতো কাৰণ লুকাই থাকে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ Massachusetts Treatment centre Rapist Typology অনুসৰি বলাৎকাৰী ৪ প্ৰকাৰৰ থাকে। প্ৰথমটো হৈছে– “OPPORTUNIST Rapists”, অৰ্থাৎ এই প্ৰকাৰৰ বলাৎকাৰীয়ে কোনো এগৰাকী মহিলাৰ নিসংগতাৰ সুযোগ লৈ নিজৰ যৌন ইচ্ছা পূৰণৰ বাবে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰে। দ্বিতীয়টো হৈছে–” Anger Rapist “এই প্ৰকাৰৰ বলাৎকাৰীয়ে যৌন ইচ্ছাৰ পৰিৱৰ্তে শাৰিৰীক ভাৱে ক্ষতি কৰিবলৈ বলাৎকাৰৰ দৰে ঘটনা সংঘটিত কৰে। তৃতীয় প্ৰকাৰৰ বলাৎকাৰী হৈছে সেইবোৰ যিবোৰ যৌন সন্তুষ্টিৰ বাবে পৰিকল্পিতভাৱে এনে ঘটনা সংঘটিত কৰে। আৰু চতুর্থ প্ৰকাৰৰ বলাৎকাৰী হৈছে–“VINDICTIVE Rapist”, অৰ্থাৎ এই প্ৰকাৰৰ বলাৎকাৰীৰ উদ্দেশ্য হ’য় যে বলাৎকাৰৰ দৰে ঘটনাৰ জৰিয়তে নিজৰ প্ৰতিশোধ পূৰণ কৰা। ইমানবোৰ অধ্যয়নৰ পিছতো কিন্তু বলাৎকাৰী এজনক কেতিয়াও সহজত চিনাক্ত কৰি উলিয়াব নোৱাৰি। অথবা চিনাক্ত কৰি উলিওৱাতো কঠিন। যেতিয়াই নিউজৰ দ্বাৰা নতুবা আন কোনো মাধ্যমৰ দ্বাৰা আমি বলাৎকাৰৰ দৰে ঘটনাৰ কথা শুনা পাওঁ। তেতিয়াই আমাৰ মনত এটা প্ৰশ্নৰ উদয় হ’য় যে কেনেকুৱা ব্যক্তি হ’ব পাৰে এইজন যিয়ে নেকি এনেধৰণৰ অমানৱীয় ঘটনা সংঘটিত কৰিব পাৰে? এজন বলাৎকাৰী অন্য মানুহৰ দৰে একেই হ’য়। তিহাৰ জেলত থকা প্ৰায় ১০০ জন বলাৎকাৰীৰ সাক্ষাৎকাৰ লোৱা মধুমিতা পাণ্ডেই কৈছিল যে–বলাৎকাৰীসকল এক বেলেগ প্ৰকাৰৰ মানসিক ৰোগী নহ’য়। ইয়াৰ পৰিৱৰ্তে তেওঁলোকো অন্য মানুহৰ দৰেই হ’য়। যিসকল আমাৰ সমাজৰেই এটা অংশ হ’য়। এটা গৱেষণাতো এইটো প্ৰমাণিত হৈছিল যে বলাৎকাৰৰ দৰে ঘটনা আমাৰ সমাজত থকা সাধাৰণ মানুহৰ দৰেই কিছু লোকে কৰি আছে। আৰু এইটো কথা ইতিমধ্যে আমাৰ দেশৰ National Crime Records Bureau য়েও উল্লেখ কৰিছে। বেছিভাগ বলাৎকাৰৰ দৰে ঘটনা আমাৰ ওচৰে পাজৰে থকা ব্যক্তিসকল, অন্তৰংগ বন্ধু বান্ধৱ নতুবা সম্পৰ্কীয় ব্যক্তি সকলেই সংঘটিত কৰে। সাধাৰণতে আমাৰ সমাজত পুৰুষ আৰু মহিলাৰ সমতা অথবা স্বাধীনতা সমান বুলি কোৱা হয়। কিন্তু পুৰুষ আৰু মহিলাৰ সমতা আৰু স্বাধীনতাৰ তুলাচনীখন সদায়েই কিন্তু পুৰুষৰ পক্ষতেই থাকে। যেতিয়াই এনেধৰণৰ ঘটনা চৰ্চাত থাকে। তেতিয়াই বলাৎকাৰীজনৰ পৰিৱৰ্তে বলাৎকাৰৰ বলি হোৱা ভূক্তভোগী জনকহে বেছিকৈ বিচাৰ কৰা হ’য়। যে তেওঁৰ আচাৰ ব্যৱহাৰ কেনেকুৱা? তেওঁ কেনেধৰণৰ কাপোৰ পিন্ধে?তেওঁ কিমান বজাত ঘৰ সোমাই? এনেধৰণৰ কিমান অনৰ্থক প্ৰশ্ন ভূক্তভোগী জনৰ ওপৰত উঠোৱা হ’য়। সেয়া লাগিলে নিৰ্ভয়া কাণ্ডই হওক নাইবা অন্য ঘটনাই হওঁক। এনেধৰণৰ মানসিকতা, চিন্তা চৰ্চা অথবা ব্যৱহাৰে আমাৰ সমাজৰ এখন টুলুঙা দৃশ্য দাঙি ধৰে। ২০১৮ চনৰ কঠুৱাত ৮ বছৰীয়া শিশু আছিফাক বলাৎকাৰ কৰা হৈছিল। আৰু সেই ভিডিঅটো পৰ্ণ ৱেবচাইটত সন্ধান কৰাত কিন্তু আমাৰ সমাজৰ লোকসকলে প্ৰথমতে আছিল।বলাৎকাৰৰ দৰে ঘটনা সমাজৰ পৰা নোহোৱা কৰিবলৈ প্ৰথমতে আমি নিজৰ মানসিকতাক সলনি কৰিব লাগিব। আৰু ইয়াৰ বাবে দেশৰ শাসন ব্যৱস্থা আৰু বেছি কঠোৰ হ’ব লাগিব। লগতে কেৱল মাত্ৰ চৰকাৰ অথবা আইনসমূহৰেই দায়িত্ব নাই। দায়িত্ব আছে আমাৰ সকলোৰে। তেতিয়াহে দেশৰ মহিলাসকল মুকলি আকাশৰ তলত সুৰক্ষিত ভাৱে বিচৰণ কৰিব পাৰিব। “Crime against women are crimes against humanity”এই কথাশাৰী আমি যেতিয়াই বুজি পাম। তেতিয়াই আমাৰ আহিব লগীয়া দিনসমূহ ভাল তথা সুৰক্ষিত হ’ব।