বর্ষাসিক্ত পৰিৱেশতো মুখ্যমন্ত্ৰীৰ বিজয় সংকল্প সভা

বর্ষাসিক্ত পৰিৱেশতো মুখ্যমন্ত্ৰীৰ বিজয় সংকল্প সভা

ৰঙিলী বাৰ্ত্তাসেৱা- বর্ষাসিক্ত পৰিৱেশৰ মাজতো নির্বাচনী প্রচাৰ অভিযান অব্যাহত ৰাখি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই  পুনৰ তিনিখন বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰে। প্রতিকূল বতৰৰ পিছতো মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিজনী, তামুলপুৰ আৰু ছিপাঝাৰ বিধানসভা সমষ্টিত অনুষ্ঠিত এই বিজয় সংকল্প সভালৈ সমাজৰ সকলো শ্ৰেণীৰ জনতাই ব্যাপক উৎসাহ-উদ্দীপনাৰে সমর্থন আগবঢ়ায়। মুখ্যমন্ত্রী ড° শৰ্মাই প্রথমে বিজনী বিধানসভা সমষ্টিৰ প্ৰাৰ্থী অৰূপ কুমাৰ দে’ৰ সমৰ্থনত উলুবাৰী ৰাজহুৱা খেলপথাৰত আয়োজিত নির্বাচনী সভাখনত অংশগ্রহণ কৰে। এই সভাত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয়- বিটিচিৰ অন্তৰ্গত ১৫টা বিধানসভা সমষ্টিত এইবাৰ বিজেপিয়ে চাৰিখন আসনত প্রতিদ্বন্দ্বিতা কৰিছে আৰু এই চাৰিওখন আসনতে বিজেপিৰ জয় সম্ভাৱনা এশ শতাংশ নিশ্চিত। তেওঁ কয়- বিগত বিটিচি নিৰ্বাচনৰ সময়ত বিজনীলৈ অহাৰ সময়ত বিজনী ৰে’ল ষ্টেচনত কেইখনমান ৰে’লৰ ষ্ট’পেজ প্ৰদানৰ বাবে জনসাধাৰণৰ আবেদন লাভ কৰিছিল। সেই আবেদনৰ ভিত্তিতেই ইতিমধ্যে বিজনী ৰে’ল ষ্টেচনত কামৰূপ এক্সপ্রেছ, নর্থ-ইষ্ট এক্সপ্ৰেছ আৰু নগাঁও এক্সপ্ৰেছৰ ষ্ট’পেজ প্ৰদান কৰা হৈছে। ভাষণত মুখ্যমন্ত্ৰীয়ে চৰকাৰী নিযুক্তি প্ৰদানৰ কথা উল্লেখ কৰি কয় যে ২০২১ চনৰ নিৰ্বাচনী প্রতিশ্রুতি অনুসৰি চৰকাৰখনে ইতিমধ্যে ১ লাখ ৬৫ হাজাৰ যুৱক-যুৱতীক চাকৰি প্ৰদান কৰিবলৈ সক্ষম হৈছে। অহা ৫ বছৰত পুনৰ ২ লাখ যুৱক-যুৱতীক অনুৰূপ স্বচ্ছতাৰে নিযুক্তি প্ৰদান কৰা হ’ব। ক্ষুদ্ৰ বিত্তীয় অনুষ্ঠানৰ ঋণৰ গ্ৰাসৰ পৰাও মহিলাসকলক সকাহ দিয়াৰ প্ৰতিশ্ৰুতিও চৰকাৰে ইতিমধ্যে পূৰণ কৰিছে। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে আত্মসহায়ক গোটৰ মহিলাসকলক ১০ হাজাৰ টকাকৈ প্ৰদান কৰা হৈছে। বিজনী সমষ্টিৰ সকলো দুখীয়া মহিলাই যাতে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব পাৰে, সেই উদ্দেশ্যে আগন্তুক সময়ত সমষ্টিটোত নতুনকৈ ১০ হাজাৰ মহিলাক আঁচনিখনৰ দ্বাৰা সামৰি লোৱা হ’ব। অৰুণোদয়ত নতুনকৈ অন্তর্ভুক্ত হোৱা সকলো মহিলাই একত্রিতভাবে ৯ হাজাৰ টকাকৈও লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰেচন কাৰ্ডৰ জৰিয়তে পৰিয়ালসমূহে বর্তমানে লাভ কৰি অহা বিনামূলীয়া চাউল, ১০০ টকাত দাইল, চেনি আৰু নিমখৰ লগতে অহা সময়ছোৱাত ১ লিটাৰকৈ মিঠাতেলো প্রদান কৰা হ’ব। পিতৃ-মাতৃয়ে যাতে সন্তানৰ পঢ়াৰ ব্যয় বহনত অসুবিধাৰ সম্মুখীন হ’বলগীয়া নহয়, সেই দিশলৈ লক্ষ্য ৰাখি অহা ৫ বছৰত সকলো ছাত্ৰ-ছাত্ৰীৰ পঢ়াশুনাৰ দায়িত্ব ল’ব চৰকাৰে। তদুপৰি আগন্তুক ৫ বছৰত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত বিজনী সমষ্টিত ১০ হাজাৰ যুৱক-যুৱতীক উপকৃত কৰা হ’ব। মুখ্যমন্ত্রীয়ে বিজনীত এখন বাণিজ্য মহাবিদ্যালয় স্থাপন, বিজনী চহৰত । নলা-নর্দমা নির্মাণ, ১ হাজাৰ আসনবিশিষ্ট এটা প্রেক্ষাগৃহ, বল্লমগুৰিত ষ্টেডিয়াম নির্মাণ, আংলং-কুকলুং-বিষ্ণুপুৰ-বৰপথাৰ গাঁৱত পানীৰ সমস্যা সমাধানৰো প্রতিশ্রুতি প্রদান কৰে। বিজনীৰ পাছতে মুখ্যমন্ত্রীয়ে তামুলপুৰ বিধানসভা সমষ্টিত অনুষ্ঠিত আন এক বিজয় সংকল্প সভাত অংশগ্রহণ কৰে।

সমষ্টিটোৰ বিজেপি প্রার্থী বিশ্বজিৎ দৈমাৰীৰ সমর্থনত পাতকীজুলি ষ্টেডিয়ামত আয়োজিত জনাকীর্ণ সভাখনত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয়-সমাগত বিধানসভা নির্বাচনৰ জৰিয়তে ৰাজ্যত কিধৰণৰ চৰকাৰ গঠন হ’ব, তাৰ ওপৰতেই তামুলপুৰ উন্নয়নৰ লগতে – সামগ্রিকভাৱে ৰাজ্যৰ ভৱিষ্যৎ নিৰ্ভৰ কৰিব। বিগত ৫ বছৰত বিটিচিত শান্তি চুক্তিৰ এক নতুন পৰিৱেশ বিৰাজ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচেষ্টা আৰু জনসাধাৰণৰ সহযোগত এতিয়া বিটিচিত শান্তিৰ পৰিৱেশ গঢ়ি  উঠিছে। হাগ্রামা মহিলাৰীৰ নেতৃত্বত বিটিচি অঞ্চলত উন্নয়ন আৰু বিকাশৰ কাম আৰম্ভ হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে অঞ্চলটোৰ সকলো জাতি-জনগোষ্ঠীৰ মাজত এতিয়া সম্ভার গঢ়ি উঠিছে। বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে বিগত ৫ বছৰত সম্পূৰ্ণ স্বচ্ছতাৰে ১ লাখ ৬৫ হাজাৰ যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ  পাছত ৰাজ্যখনত নৱপ্ৰজন্মৰ মাজত এক উৎসাহৰ সৃষ্টি কৰিছে। আগন্তুক সময়ছোৱাত শিক্ষা, গৃহ বিভাগকে ধৰি বিভিন্ন বিভাগত নিযুক্তি প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব। পূৰ্বতে এনেদৰে কোনো চৰকাৰৰ কাৰ্যকালত এনে বৃহৎসংখ্যক নিযুক্তি সম্ভৱ হোৱা নাছিল। মুখ্যমন্ত্রীয়ে কয়- আমি প্রতিশ্রুতি পূৰণ কৰি দেখুৱাইছোঁ। আমাক মাথোঁ প্রয়োজন আপোনালোকৰ আশীর্বাদ। সমষ্টিটোত নতুনকৈ ১০ হাজাৰ মহিলাক মহিলা উদ্যমিতা আঁচনিত অন্তর্ভুক্ত কৰা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে আত্মনিৰ্ভৰ অসমৰ অভিযানৰ অধীনতো তামুলপুৰৰ ১০ হাজাৰ যুৱক-যুৱতীক উপকৃত কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে তামুলপুৰ সমষ্টিৰ বাগানপাৰা মহাবিদ্যালয়ৰ প্ৰাদেশিকীকৰণ, নলবাৰী গণেশ মন্দিৰ হৈ উত্তৰকুছিলৈ থকা পথটো অসম মালাৰ অধীনত উন্নীতকৰণ, পাগলাদিয়া নদীৰ ওপৰত এখন দলং নির্মাণ, পাগলাদিয়া নদীৰ পৰা চাৰাংজুলি-পাহাৰপুৰলৈ মথাউৰি নিৰ্মাণ, উত্তৰকুছিত খোৱাপানীৰ সমস্যা সমাধান, তামুলপুৰ বৰখোপা হাইস্কুলত প্রেক্ষাগৃহ নির্মাণ, বাগানপাৰা আৰক্ষী চকীক আৰক্ষী থানালৈ উন্নীতকৰণ, দক্ষিণ কুমাৰীকাটাৰ পৰা নাগ্ৰীজুলি পথ, তামুলপুৰৰ পৰা ঘগ্ৰাপাৰ পথ, কচুবাৰীৰ পৰা নাওকাটা পথকে ধৰি কেইবাটাও পথ উন্নীতকৰণৰ – প্রতিশ্রুতি দিয়ে। তামুলপুৰৰ পাছতেই ছিপাঝাৰ বিধানসভা সমষ্টিত উপস্থিত হৈ মিত্ৰজোঁটৰ প্ৰাৰ্থী ড° পৰমানন্দ ৰাজবংশীৰ সমৰ্থনত দেওমৰনৈ মহাবিদ্যালয় খেলপথাৰত আয়োজিত বিজয় সংকল্প সভাত অংশগ্রহণ কৰে। প্ৰবল বৰষুণৰ পিছতো কেইবা সহস্রাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত এই সভাত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয়- ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ জৰিয়তে মই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিলোঁ। আজি মই অতি আনন্দিত -যে অসমৰ ৰাইজক প্ৰদান কৰা প্ৰতিটো প্রতিশ্রুতি পূৰণ কৰিবলৈ সক্ষম হৈছোঁ। আমি জাতি-মাটি-ভেটি ৰক্ষাৰ প্রতিশ্রুতি প্রদান কৰিছিলোঁ। যোৱা ৫ বছৰত আমি গৰুখুঁটিৰ পৰা গোৱালপাৰালৈ আৰু লামডিঙৰ পৰা উৰিয়ামঘাটলৈ প্রায় ডেৰ লাখ বিঘা মাটিৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰিবলৈ সক্ষম হৈছোঁ। আমি বুজাই দিছো যে অসম অসমীয়াৰ বাবে, ভাৰত ভাৰতীয়ৰ বাবে। অসমৰ খিলঞ্জীয়া মুছলমানকে ধৰি সকলো শ্ৰেণীৰ জনসাধাৰণৰ আশীৰ্বাদত আমি ৰাজ্যখনৰ জনজীৱনলৈ আস্থা আৰু বিশ্বাসৰ এক নতুন পৰিৱেশ সৃষ্টি কৰিছোঁ। অহা ৫ বছৰত আমি অসমত এজনো অবৈধ বাংলাদেশী থাকিব নোৱাৰাৰ পৰিৱেশ সৃষ্টি কৰিম। ভাষণত মুখ্যমন্ত্রীয়ে বিজেপি নেতৃত্বাধীন চৰকাৰৰ কার্যকালত কাজিৰঙা, ওৰাং, পৱিতৰাত গঁড় হত্যা ৰোধ, নিৰাপত্তাহীনতাত ভোগা লোকসকলৰ ওচৰত থিয় দিবলৈ সক্ষম হৈছোঁ। এই সময়ছোৱাতে অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে, বীৰ লাচিত বৰফুকনৰ কীৰ্তি বিশ্বৰ বিভিন্ন প্রান্তত পৰিচিত হৈ পৰিছে, চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ মৰ্যাদা লাভ কৰিছে আৰু বিহুৱে ৰাষ্ট্ৰীয় পর্যায়ত উথলি উঠিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্রীয়ে কয়- যোৱা ৫টা বছৰ আছিল অসম আৰু অসমীয়াৰ এক উজ্জ্বল গৌৰৱৰ গাথা। ৰাজ্যখনত বন্ধ, ধর্মঘট, আন্দোলন এতিয়া অতীত হৈ পৰিছে আৰু শান্তিৰ কপৌজনীয়ে স্থায়ীভাবে থাকিবলৈ লৈছে। আমি ৰাজ্যখনৰ নৱপ্ৰজন্মৰ মাজত আশাৰ সঞ্চাৰ গঢ়িবলৈ সক্ষম হৈছোঁ। কংগ্রেছক সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয়- কংগ্ৰেছ দল শাসনত থকা সময়ত জনসাধাৰণে লুভী আৰু ধূতীৰ কথাই আলোচনা কৰিছিল। কিন্তু এতিয়া জনসাধাৰণে অৰুণোদয়, মহিলা উদ্যমিতাৰ দৰে আঁচনি, নতুন নতুন চিকিৎসা মহাবিদ্যালয়, বিশ্ববিদ্যালয় স্থাপন তথা ব্রহ্মপুত্ৰৰ ওপৰত নতুন দলং নিৰ্মাণৰ কথাহে আলোচনা কৰে। কংগ্ৰেছৰ নতুন বৰঅসম নিৰ্মাণৰ শ্ল’গানক কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে কয়- বৰঅসম স্বৰ্গদেউ চাওলুং চুকাফা আৰু মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে নিৰ্মাণ কৰিছিল। কংগ্ৰেছ দলে নতুন বৰঅসম শ্ল’গানটো কাক লক্ষ্য কৰি ব্যৱহাৰ কৰিছে? মুখ্যমন্ত্ৰীয়ে ছিপাঝাৰ সমষ্টিত নতুনকৈ ১০ হাজাৰ মহিলাক অৰুণোদয় আঁচনিৰ দ্বাৰা সামৰি লোৱা হ’ব বুলিও আজি প্রতিশ্রুতি প্রদান কৰে। আজিৰ এই নির্বাচনী সভাত সংগ দিয়ে বিটিচিপ্রধান হাগ্রামা মহিলাৰী, কেন্দ্রীয় মন্ত্রী তোখন চাহু, প্রাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীকে ধৰি কেইবাজনো বিজেপিৰ জ্যেষ্ঠ নেতাই।