বর্ষাপাৰাত আজি মহিলা বিশ্বকাপৰ প্ৰথম ছেমিফাইনেল 

Pc-CricTracker

বর্ষাপাৰাত আজি মহিলা বিশ্বকাপৰ প্ৰথম ছেমিফাইনেল 

ৰঙিলী বাৰ্ত্তাসেৱা-  মহিলা এদিনীয়া বিশ্বকাপৰ প্ৰথমখন ছেমিফাইনেলৰ বাবে সম্পূর্ণ সাজু বর্ষাপাৰাৰ এচিএ ক্রিকেট ষ্টেডিয়াম। আজি গুৱাহাটীত হ’বলগীয়া প্ৰথমখন ছেমিফাইনেলত মুখামুখি হ’ব চাৰিবাৰৰ চেম্পিয়ন ইংলেণ্ড আৰু দক্ষিণ আফ্রিকা। আজিৰ ছেমিফাইনেলৰ খেলখনত ইংলেণ্ডক ফেভাৰিট হিচাপে আখ্যা দিয়া হৈছে। কিয়নো, ইংলেণ্ডে বর্ষাপাৰাত ইতিমধ্যে খেলা লীগৰ দুয়োখন মেচতে জয় লাভ কৰিছে। ইফালে, বর্ষাপাৰাতে ইংলেণ্ডে দক্ষিণ আফ্রিকাক পৰাস্ত কৰিছিল। গতিকে, ইংলেণ্ড দলটোক আজিৰ মেচখনত ফেভাৰিট হিচাপে আখ্যা দিয়া হৈছে। দক্ষিণ আফ্রিকাৰ অধিনায়িকা লউৰা উলভার্ড আৰু তাজমিন ব্রিটছৰ বাহিৰে বাকীসকল সতীর্থই প্রতিযোগিতাখনত আশানুৰূপ প্রদর্শন দাঙি ধৰিবলৈ সক্ষম হোৱা নাই। ইফালে, ইংৰাজ বাহিনীৰ আটাইকেইগৰাকী খেলুৱৈ সম্প্রতি দুর্দান্ত ফর্মত আছে। আজি দক্ষিণ আফ্রিকাক পৰাস্ত কৰি প্ৰথমে ফাইনেলত প্রৱেশৰ লক্ষ্য লৈছে চাৰিবাৰৰ চেম্পিয়ন ইংলেণ্ডে। দিনৰ ৩ বজাৰ পৰা মেচখন আৰম্ভ হ’ব।