বর্তমানৰ সময়ছোৱা হৈছে অসমৰ বাবে স্বর্ণল কালঃ মুখ্যমন্ত্ৰী

বর্তমানৰ সময়ছোৱা হৈছে অসমৰ বাবে স্বর্ণল কালঃ মুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- দুদিনীয়া ভ্রমণসূচীৰে অসম অহা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অন্তিম দিনা শিলচৰৰ অম্বিকাপুৰত সৰ্বমুঠ ২৩,৫৫২ কোটি টকাৰ তিনিটা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক প্ৰকল্পৰ ভূমিপূজন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিলাষী প্রকল্পৰ ভূমিপূজন কৰা উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা উপস্থিত থাকে । তেওঁ  এই দিনটোক বৰাক উপত্যকাৰ লগতে সমগ্ৰ অসমৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন ৰূপে অভিহিত কৰে মুখ্যমন্ত্রী ড° শর্মাই। মেঘালয়ৰ উমিয়ামৰ সমীপৱৰ্তী মাওলিংপুঙৰ পৰা পাঁচগ্রামলৈ নিৰ্মাণ কৰিবলগীয়া হাইস্পীড কৰিড’ৰটোৱে গুৱাহাটী-শিলচৰৰ মাজৰ দূৰত্ব বৰ্তমানৰ ২৯৫ কিলোমিটাৰৰ পৰা ২৫২ কিলোমিটাৰলৈ হ্রাস কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে এই হাইস্পীড কৰিড’ৰটোৰ বাবে গুৱাহাটী আৰু শিলচৰৰ মাজত যাত্ৰাৰ সময় বৰ্তমানৰ চাৰে আঠ ঘণ্টাৰ পৰা পাঁচ ঘণ্টালৈ হ্রাস পাব। এই পথটো নির্মাণ কৰিবলৈ কোনেও দাবী উত্থাপন কৰা নাছিল। কিন্তু শিলচৰৰ পৰা হাফলং হৈ গুৱাহাটীলৈ থকা বৰ্তমানৰ পথটোৰে প্ৰতিবছৰে বিভিন্ন কাৰণত সঘনে যোগাযোগ ব্যাহত হৈ পৰাৰ কথা অৱগত হোৱাৰ পাছতে প্রধানমন্ত্রী মোদীয়ে হাইস্পীড কৰিড’ৰটো নিৰ্মাণৰ পদক্ষেপ গ্রহণ কৰিছে। অসমে মাত্ৰ এটা বছৰৰ ভিতৰতে লাভ কৰিছে ২২,৮৬৪ কোটি টকা ব্যয়সাপেক্ষ শিলচৰ কৰিড’ৰৰ উপৰি ৮ হাজাৰ কোটি টকাৰ গুৱাহাটী ৰিং ৰোড, কাজিৰঙাৰ প্ৰায় ৬ হাজাৰ কোটিৰ এলিভেটেড কৰিড’ৰ আৰু নুমলীগড়-গহপুৰ সংযোগী ব্ৰহ্মপুত্ৰ নৈৰ তলেৰে প্রায় ৩০ হাজাৰ কোটিৰে নিৰ্মাণ হ’বলগীয়া সুৰংগ পথ। অসমে পূর্বতে কেতিয়াও ইমান বৃহৎ প্রকল্প একেলগে লাভ কৰা নাছিল। প্রধানমন্ত্রী মোদীৰ বাবেই এয়া সম্ভৱ হৈছে। ডলু বিমানবন্দৰ নিৰ্মাণৰ দিশটো পৰিৱেশ সম্পৰ্কীয় অনুমতি ৰাজ্য চৰকাৰে লাভ কৰাৰ পাছত ইয়াৰ কামো শীঘ্রেই আৰম্ভ হ’ব বুলি তেওঁ সদৰী কৰে। মুখ্যমন্ত্রী ড° শৰ্মাৰ মতে, এসময়ত সমদৃষ্টি লাভ নকৰাক লৈ থকা বৰাকবাসীৰ আক্ষেপৰ অৱসান ঘটাই প্রধানমন্ত্রী মোদীৰ নেতৃত্বত বৰ্তমানৰ চৰকাৰে বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকা আৰু পাহাৰ-ভৈয়াম সকলো অঞ্চলতে সমদৃষ্টিৰে আগবঢ়াই নি উন্নয়ন আৰু বিকাশৰ কাৰ্যসূচী আৰম্ভকৰিছে। তেওঁ কয় যে ৫৬৫ কোটি টকা ব্যয়েৰে ৩০৬নং ৰাষ্ট্ৰীয় ঘাইপথত কেপিটেল পইণ্টৰ সমীপৰ ট্রাংক ৰোডৰ পৰা ৰংগিৰখাৰি পইন্টলৈ উৰণ সেতুখন নির্মাণ হৈ উঠিলে শিলচৰ নগৰৰ দীৰ্ঘদিনীয়া যান-জটৰ সমস্যা লাঘৱ হ’ব। বৰাক উপত্যকাত নতুন চিকিৎসা মহাবিদ্যালয়ৰ লগতে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ছুপাৰস্পেচিয়েলিটী ব্লক নিৰ্মাণৰত অৱস্থাত আছে। সেইদৰে শ্রীভূমি জিলাৰ পাথাৰকান্দিত কৃষি মহাবিদ্যালয় এখনো নিৰ্মাণ কৰিবলৈ লোৱা হৈছে ১২২ কোটি টকা ব্যয়সাপেক্ষে। বর্তমানৰ সময়ছোৱা হৈছে অসমৰ বাবে স্বর্ণল কাল। এই সময়ছোৱাতেই ৰাজ্যখনত শান্তি স্থাপনৰ পৰা আৰম্ভ কৰি বিকাশ তথা উদ্যোগীকৰণৰ কাম-কাজেৰে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত অসম চৰকাৰে এক বুনিয়াদ গঢ়িবলৈ সক্ষম হৈছে।

ইফালে মুখ্যমন্ত্রী ড° শৰ্মাই বৰাক উপত্যকাৰ উন্নয়নৰ যাত্ৰাক অধিক ত্বৰান্বিত কৰি কাছাৰ, হাইলাকান্দি আৰু শ্রীভূমি জিলাৰ ৰাইজৰ সেৱাত প্রায় ৩৪০ কোটি টকাৰ কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাস কৰে। ইয়াৰ ভিতৰত অন্যতম হৈছে ১৩৫ কোটি টকা ব্যয়সাপেক্ষে শিলচৰত নিৰ্মাণ কৰা অসম সচিবালয়, বৰাক উপত্যকা। সচিবালয় ভবন উদ্বোধন কৰা উপলক্ষে আয়োজিত অনুষ্ঠানত বক্তব্য আগবঢ়াই মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে বৰাক উপত্যকাৰ বিকাশৰ বাবে ৰাজ্য চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। অঞ্চলটোৰ বিকাশমুখী যাত্রাক আজিৰ দিনটোত ঐতিহাসিক ৰূপে চিৰদিন খোদিত হৈ ৰ’ব। দীর্ঘদিন ধৰি অসমৰ দৰে বৈচিত্র্যপূর্ণ এখন ৰাজ্যত সিদ্ধান্ত গ্রহণ আৰু উন্নয়নৰ কেন্দ্রবিন্দু মূলতঃ গুৱাহাটীতেই সীমাবদ্ধ হৈ আছিল। কিন্তু বৰ্তমানৰ ৰাজ্য চৰকাৰৰ কাৰ্যকালত এই ধাৰণা খণ্ডন কৰি অসমৰ প্ৰতিটো প্ৰান্তৰ বিকাশ আৰু প্ৰশাসনৰ ক্ষেত্ৰত সমভাৱে আগবঢ়াই নিয়াটো অন্যতম মুখ্য অগ্ৰাধিকাৰ হৈ পৰিছিল। কোকৰাঝাৰত অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰা হৈছিল। সেইদবে ডিব্ৰুগড়ত নতুন সচিবালয় স্থাপন কৰাৰ লগতে অব্যাহত আছে অসম বিধানসভা চৌহদ নিৰ্মাণৰ কাম। আজি শিলচৰত নতুন সচিবালয় ভবন উদ্বোধন কৰি সৌভাগ্য লাভ কৰা বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্রী ড° শৰ্মাৰ মতে, এই ভৱনসমূহ কেবল সাধাৰণ ভৱন নহয়, ইয়াৰ জৰিয়তে প্ৰশাসনক অধিক বিকেন্দ্ৰীকৰণ কৰি বহু ক্ষমতা জিলা স্তৰত ন্যস্ত কৰা হৈছে। গঠন কৰা হৈছে নতুন সমজিলা। ফলশ্ৰুতিত সাধাৰণ নাগৰিকে চৰকাৰী সেৱা লাভ কৰিবলৈ দূৰ-দূৰণি ভ্ৰমণ কৰি জিলা-ৰাজ্যৰ মুখ্য কার্যালয়লৈ যাবলগীয়া হোৱা নাই। চৰকাৰৰ মূলমন্ত্ৰ হৈছে- চৰকাৰ মানুহৰ ওচৰলৈ যাব, মানুহ চৰকাৰৰ ওচৰলৈ নাযায়। শিলচৰৰ সচিবালয়ে ৰাজ্য প্ৰশাসনক বৰাক উপত্যকাৰ তিনিওখন জিলাৰ ৰাইজৰ অধিক কাষ চপাই আনিব। উল্লেখ্য যে ১৫ বিঘা ভূমিৰ চৌহদত ১৮,৫৮৫ বর্গমিটাৰ এলেকাত নিৰ্মাণ কৰা এই ভবনসমূহ ৩৬ মাহত সম্পূৰ্ণ কৰা হৈছে। প্রকল্পটোত আছে সচিবালয় ভবন, প্রেক্ষাগৃহ ভবন, অতিথিগৃহ, মুখ্যমন্ত্ৰীৰ আৱাস, বিষয়াৰ আৱাস, তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ আৱাস। সচিবালয় ভৱনত বিভিন্ন বিভাগৰ কাৰ্যালয়ৰ লগতে ষষ্ঠ মহলাত মুখ্যমন্ত্রী, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব আৰু বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰীৰ কাৰ্যালয় আছে। প্রেক্ষাগৃহত ৭৪৭জন লোক বহিব পৰাৰ সুবিধা থকাৰ উপৰি মূল প্রবেশদ্বাৰ, ক্লক টাৱাৰ আদিৰে সুন্দৰকৈ সজোৱা হৈছে চৌহদটো।

আজিৰ দিনটোতে মুখ্যমন্ত্রী ড° শৰ্মাই বৰখলা বিধানসভা সমষ্টিৰ শিলকুৰীত প্রায় ১৫.৬ কোটি টকা ব্যয়েৰে ৮ বিঘা ৩ কঠা ১৮ লেচা ভূমিৰ চৌহদত নির্মাণ কৰা শিলচৰ সম্মিলন কেন্দ্রটো উদ্বোধন কৰে। এই সম্মিলন কেন্দ্রটোত ১৪২খন আসনযুক্ত এটা সভাকক্ষৰ লগতে অতিথিৰ বাবে বিশেষ কোঠা নির্মাণ কৰা হৈছে। ইয়াৰ উপৰি একোটাকৈ প্রৱেশলবী, প্রেছিডেন্সিয়েল লাউঞ্জ, ভিআইপি লাউঞ্জ, মিডিয়া কক্ষ আৰু ৮০খন বাহন পার্কিং কৰিব পৰাৰ সুবিধাও ইয়াত সন্নিৱিষ্ট থাকিব। কাছাৰ জিলাত মুখ্যমন্ত্রী ড° শৰ্মাই তিনিটা গুৰুত্বপূৰ্ণ প্রকল্পৰো শিলান্যাস কৰে। এই প্রকল্পসমূহ হ’ল- ১৩.১৪ কোটিৰ বীৰবল বজাৰৰ পৰা শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল পইন্টলৈ পথ বহলীকৰণ, শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত তিনি মহলীয়া বার্ন ইউনিট আৰু ২৫ কোটি টকা ব্যয়সাপেক্ষে প্রধানমন্ত্রী মৎস্য সম্পদা যোজনাৰ অধীনত মাছৰ অত্যাধুনিক পাইকাৰী বজাৰ নিৰ্মাণ। মুখ্যমন্ত্রী ড° শর্মাই ভার্চুৱেলী হাইলাকান্দি জিলাত কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাস কৰে। উদ্বোধন কৰা প্ৰকল্পসমূহৰ ভিতৰত আছে- ১২.৬৫ কোটি টকাৰ হাইলাকান্দি আৱৰ্ত ভৱন, ৭.৬৭ কোটিৰ হাইলাকান্দি চৰকাৰী ভিএমএইচএছ বিদ্যালয়ৰ নতুন ভৱন আৰু ২.৯৮ কোটিৰ হাইলাকান্দি জিলা ষ্টেডিয়ামৰ বহুমহলীয়া যুৱ আৱাস। তেওঁ আধাৰশিলা স্থাপন কৰা প্ৰকল্প হ’ল- ৫০.৬৫ কোটি টকা ব্যয়সাপেক্ষ হাইলাকান্দিত নির্মাণ হ’বলগা ৭খন দলং। তদুপৰি শ্রীভূমি জিলাৰ পাথাৰকান্দিত ৮০০খন আসনযুক্ত প্রেক্ষাগৃহ আৰু সাংস্কৃতিক কেন্দ্ৰৰো তেওঁ শিলান্যাস কৰে। ইয়াৰ প্ৰকল্প ব্যয় নির্ধাৰণ কৰা হৈছে ২২.৮৯ কোটি টকা। জিলাখনত ৩০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া কেইবাখনো দলঙৰ তেওঁ আধাৰশিলা স্থাপন কৰে। এই দলংকেইখন পাথাৰকান্দি-হাজাৰী চ’ক পথত, লংগাই নদীৰ ওপৰত নালবাৰী খেৱাঘাটৰ পৰা মৈৰাংগাঁৱলৈ, পেছাৰঘাট প্রধানমন্ত্রী গ্রাম চড়ক যোজনা পথৰ পৰা আচাৰঘাট, কাবাৰীবন্দ প্রধানমন্ত্রী গ্রাম চড়ক যোজনা পথৰ নুৱাধৰ-উত্তৰ গোপালপুৰত, কাজিৰ বজাৰ-পাথাৰকান্দি পথৰ পৰা বাতাবাৰী ৰে’ল ষ্টেচনলৈ আৰু চি আৰ পথৰ পৰা পিঞ্চেৰা খাচিয়াপুঞ্জী পথত নিৰ্মাণ কৰা হ’ব। মুখ্যমন্ত্রী ড° শর্মাই পাথাৰকান্দিত ১,৯৪২ কোটি টকা প্রকল্প ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া এখন প্রাথমিক স্বাস্থ্যকেন্দ্ৰৰো শিলান্যাস কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত তেওঁ কয় যে বৰাক উপত্যকা তথা অঞ্চলটোৰ ৰাইজৰ সৰ্বাংগীণ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা গ্রহণ কৰি আহিছে। ইয়াৰ তিনিওখন জিলাৰ জনসাধাৰণৰ মাজলৈ বিকাশৰ ভাগীৰৰ্থী যাত্ৰাক বহ্নিমান গতিৰে লৈ যাবলৈ ৰাজ্য চৰকাৰে যিসমূহ প্রকল্প গ্রহণ কৰিছে, তাৰ ফলত বৰাক উপত্যকাৰ লগতে অসম দেশৰ অন্যতম বিকশিত ৰাজ্যসমূহৰ এখন হিচাপে জিলিকি উঠিব। অনুষ্ঠানত বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্রী কৌশিক ৰায়, পশুপালন মন্ত্রী কৃষ্ণেন্দু পাল, সাংসদ পৰিমল শুক্লবৈদ্য, কণাড পুৰকায়স্থ, অসম চৰকাৰৰ মুখ্য সচিব ড° ৰবি কোটাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।