বন বিভাগৰ প্ৰতি অতিষ্ঠ হৈ ক্ষুব্ধ ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে ডিমাকুছিত

বন বিভাগৰ প্ৰতি অতিষ্ঠ হৈ ক্ষুব্ধ ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে ডিমাকুছিত

অমৰজিৎ ৰাভা ওদালগুৰি, ৰঙিলী বাৰ্ত্তাসেৱা-  ওদালগুৰি জিলাৰ ডিমাকুচিত কথমপি প্ৰাণ ৰক্ষা পৰে। কেইবাটাও পৰিয়ালৰ। ৰাজ্যত যেন এতিয়া হাতী মানুহৰ সংঘাট ৰোধ কেতিয়াও নহ’ব । বৰ্তমান সময়ত তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে ওদালগুৰি জিলাৰ বিভিন্ন অঞ্চলত । বিশেষকৈ ভাৰত ভূটান সীমান্তত অব্যাহত আছে হাতী মানুহৰ সংঘাত , কুম্ভকৰ্ণ নিদ্ৰাত বিয়াগোম বন বিভাগ । ওদালগুৰি জিলাৰ ভাৰত – ভূটান সীমান্তবৰ্তী অঞ্চলসমূহত সঘনাই বৃদ্ধি পায় আহিছে বন্য হস্তীৰ উপদ্ৰৱ , হাতী মানুহৰ সংঘাট ৰোধ কৰিবলৈ ব্যৰ্থ হৈছে বনবিভাগ । জিলাখনত বৰনদী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বৃহৎ বন্য হস্তীৰ জাকে প্ৰতিদিনে ঘৰ – দুৱাৰ ভাঙি উপদ্ৰৱ চলোৱাৰ উপৰিও তহিলং কৰি আহিছে মানুহৰ খেতি বাতি। কিন্তু তথাপিও বিয়াগোম বন বিভাগ ঘোৰ নিদ্ৰাত পহিলা জানুৱাৰীৰ পৰা আৰম্ভ কৰি ডিমাকুছিৰ বিভিন্ন অঞ্চলত প্ৰতিদিনে নিশা নিদ্ৰা হৰণ কৰি আহিছে বন্যহস্তীয়ে । পুৱতি নিশা ২ নং উত্তৰ ডিমাকুছি সাধুবস্তি আৰু বৰঙ্গাজুলিৰ শান্তি পুৰত বিজয় কণ্ডপান , জ্বন কণ্ডপান , মোহন মাঝি , গোপাল ঢাকাল , ঈৱেৰাজ শৰ্মা , জাছমিন এক্কা , ঊষা দৈমাৰীকে ধৰি ৭ টাকৈ পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি পেলায় । ৰাইজৰ অভিযোগ চৰকাৰৰ দৰমহা লৈ বন বিভাগে হেমাহি কৰি আছে হাতী খেদিবলৈ । ফোন কৰিলেও সময়ত উপস্থিত নহয় স্থানীয় বন বিভাগৰ লোক । সেয়েহে আজি একাংশ ৰাইজে বন বিভাগ হায় হায় , বন বিভাগ গ’ বেক , বন মন্ত্ৰী গ’ বেক আদি শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰি কেতিয়াবা মানুহ নিহত কৰাৰ উপৰিও কেতিয়াবা বিভিন্ন কাৰণত বন্য হস্তীয়েও প্ৰাণ হেৰুৱাইছে । বিশেষকৈ জিলাখনৰ ডিমাকুছি, ৰজাগড় , নালাপাৰা , বগৰীতল , টেংকিবস্তী , বাদলাপাৰা , সোণাজুলি আদি অঞ্চল সমূহৰ জনতাৰ নিদ্ৰা হৰণ কৰি আহিছে বন্যহস্তীয়ে । প্ৰতিদিনে গাঁৱত প্ৰৱেশ কৰি মানুহৰ ঘৰ দুৱাৰ ভঙাৰ উপৰিও খেতি বাতি তহিলং কৰি আহিছে । বছৰ বছৰ ধৰি এই অঞ্চল সমূহত তীব্ৰতৰ ভাৱে বৃদ্ধি পায় আহিছে বন্যহস্তী ৰ উপদ্ৰৱ । কিন্তু অতি পৰিতাপৰ বিষয় বিভিন্ন চৰকাৰে বিভিন্ন সময়ত নিজৰ শাসন চলাই আহিছে যদিও আজি পৰ্যন্ত সমস্যা সমাধানৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে । আনহাতে ৰাজ্য চৰকাৰৰ বিয়াগোম বন বিভাগো এই ক্ষেত্ৰত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে । সেয়েহে ৰাইজে চৰকাৰৰ ওচৰত আহ্বান জনাইছে যে হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ ।