বন্য উল্লাস এক  জটিল  সামাজিক সমস্যা – নিবেদিতা  হাজৰিকা

Pc- istock

বন্য উল্লাস এক  জটিল  সামাজিক সমস্যা 

নিবেদিতা  হাজৰিকা,লখিমপুৰ

বন্য উল্লাস ( Wild revely) সাম্প্ৰতিক  সময়ৰ এক চিন্তনীয় সামাজিক সমস্যা তথা বিষয় হৈ পৰিছে।  ইয়াক সমাজত সাধাৰণতে এক নেতিবাচক দৃষ্টিৰে চোৱা হয়।কিয়নো , ইয়াৰ ফলত সামাজিক  বিশৃংখলতা , হিংসা তথা অপৰাধ বৃদ্ধিৰ আশংকা খুবেই বেছি ।বৰ্তমান সময়ত আধুনিকতাৰ নামত  সকলোতে যেন অতিৰঞ্জিত , বিজতৰীয়া মানসিকতাৰ  ধুম উঠিছে। উঠি অহা নৱ প্ৰজন্মৰ মাজত এইৰোগ বেছিকৈ বিয়পি পৰা পৰিলক্ষিত হৈছে।আনন্দ -উল্লাসৰ বৰ্হিঃপ্ৰকাশ যি ধৰণে কৰাৰ ধুম উঠিছে দেখিলেই ভয় লগা হৈছে।বন্য উল্লাস কেতিয়াও স্বাভাৱিক আনন্দ -ফূৰ্তিৰ মাধ্যম নহয় বা হ’ব নোৱাৰে। ই এক প্ৰকাৰ উন্মাদনা, উন্মত্ততা। আনন্দ -ফূৰ্তি কৰাত বাধা নাই । কিন্তু সেই সীমা অতিক্ৰম কৰিলেই সৃষ্টি হয় বেমেজালিৰ। মনৰ আনন্দ প্ৰকাশৰ নামত বেপেৰুৱা  আচৰণ ,উচ্ছৃংখলতা , অমাৰ্জিত আচৰণৰ আশ্ৰয় লোৱাটো আজি যেন উঠি অহা প্ৰজন্মৰ বাবে সাধাৰণ কথা হৈ পৰিছে ।কিন্তু এনেবোৰ অবিবেচক কাৰ্যই যে সামাজিক পৰিৱেশ বিনষ্ট কৰি তুলিছে সেই কথাৰ প্ৰতি খেয়াল বা লক্ষ্য ৰখাৰ মানসিকতা যেন বহুতৰে নাই। উতনুৱা স্বভাৱৰ বহু কিশোৰ -কিশোৰীৰ বন্য উল্লাসৰ নমুনা দেখিলে সচেতন লোকৰ চকু কপালত উঠাটোৱে স্বাভাৱিক। নিয়ম শৃংখলা ভংগ কৰি নিজৰ শাৰীৰিক আৰু মানসিক সন্তুষ্টিৰ বাবে অসামাজিক কাম কৰাটো অনুচিত। কিয়নো এনে কাৰ্যই  হিতৰ বিপৰীতে অহিত সাধে।

সকলো কথাৰে এটা সীমা থকা উচিত। বন্য উল্লাস , পৈশাচিক  আনন্দ এইবোৰ শিক্ষিত সমাজত শোভা নাপায়।মনৰ আনন্দ সকলোৱে প্ৰকাশ কৰক,  উদ্‌যাপন সকলোৱে কৰক ।কিন্তু সীমা  অতিক্ৰম কৰি নহয়।সামাজিক বৈষম্য, বঞ্চনা বা শোষণৰ ফলত কিছুলোকে প্ৰতিবাদ বা ক্ষোভ প্ৰকাশ কৰিবলৈ বন্য উল্লাসৰ পথ বাচি ল’ব পাৰে, মানসিক চাপ, হতাশগ্ৰস্ততা বা মানসিক বিকাৰৰ ফলতো কিছুলোকে বন্য উল্লাসৰ আশ্ৰয় ল’ব পাৰে।মাদক দ্ৰব্যৰ সহজলভ্যতা তথা উপযুক্ত পৰিৱেশৰ  অভাৱৰ বাবেও বৰ্তমান সময়ত বন্য উল্লাস ,বন্য উন্মাদনাৰ দৰে আচৰণ বৃদ্ধি পাইছে বুলি বহুতে মত পোষণ কৰে। যিহেতুকে বন্য উল্লাস এক জটিল সামাজিক সমস্যালৈ ইতিমধ্যে গতি কৰিছে।সেই সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰাৰ আগতেই ইয়াক সমাজৰ পৰা নিৰ্মূল কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অন্যথা বন্য উল্লাসৰ কু-ফল আমি সকলোৱে ভোগ কৰিব লাগিব।আধুনিকতাৰ পৰশ  সকলোতেই পৰক ।ভাল চিন্তা ,ভাল মানসিকতা  তথা ভাল শিক্ষাৰে আধুনিক হওঁক  সকলো। কিন্তু খন্তেকীয়া আনন্দত মতলীয়া হৈ সকলো সীমা চেৰাই গৈ যাতে পৰিৱেশ -পৰিস্থিতি বিষময় হ’বলৈ নাপায় সেই কথাৰ প্ৰতি অন্তত: ধ্যান ৰখা উচিত। সুস্থ পৰিৱেশ এটা বৰ্তাই ৰাখিবলৈ হ’লে এই দিশ সমূহৰ ওপৰত দৃষ্টি ৰাখিবই লাগিব। সমূহীয়া স্বাৰ্থৰ খাতিৰত প্ৰয়োজনত কঠোৰ পদক্ষেপ  ল’বলৈও সাজু থাকিব লাগিব। অন্যথা চকুৰ সন্মুখতে বন্য উল্লাসত মত্ত হৈ এচামে উন্মাদৰ দৰে আচৰণ কৰিব, নিয়ন্ত্ৰণ হেৰুৱাই অনৈতিক, অসামাজিক কাৰ্য কৰিব আৰু আমিবোৰে নীৰৱ দৰ্শক হৈ চাই  থকাৰ বাহিৰে আন উপায় নাথাকিব।সেয়ে সময় থাকোতেই এই বিজতৰীয়া ,বন্য উল্লাস নামৰ সমাজৰ অনিষ্টকাৰী ব্যাধিটো  সমুলঞ্চে ধ্বংস কৰি পেলোৱা উচিত।