বন্ধ হোৱা চৰকাৰী বিদ্যালয়বোৰ শিশু পুথিভঁৰাল হিচাপে গঢ়ি তুলিব লাগে- সত্যজিৎ গগৈ

বন্ধ হোৱা চৰকাৰী বিদ্যালয়বোৰ শিশু পুথিভঁৰাল হিচাপে গঢ়ি তুলিব লাগে
যোৱা সময় খিনিত অসম চৰকাৰে বহুকেইখন বিদ্যালয় বন্ধ কৰি দি অন্য বিদ্যালয়ৰ সৈতে সংলগ্ন কৰিছে।কাৰণ সেই সমূহ বিদ্যালয়ত শিক্ষকৰ পৰিৱৰ্তে ছাত্ৰ ছাত্ৰীৰ সংখ্যা নগণ্য বা মেট্ৰিক পৰীক্ষাত ভাল ফলাফল দেখুৱাব পৰা নাই।গতিকে ওচৰৰ আন বিদ্যালয়ৰ সৈতে সংলগ্ন কৰি দিছে।যাতে শিক্ষক সকলেও ভালদৰে শিক্ষা প্ৰদান কৰি ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক ভৱিষ্যতটো সুৰক্ষিত কৰিব পাৰে।আমি গণি ছালে দেখোঁ যে অসমৰ প্ৰায় ২০ খন জিলাৰ প্ৰায় ১৭১০ খন বিদ্যালয় বন্ধ কৰি সমীপৰ বিদ্যালয়ৰে সংলগ্ন কৰা হৈছে।ইয়াৰ ভিতৰত বৰপেটা জিলাত ৬২ খন, বঙাইগাঁৱত ৬৮ খন, কাছাৰত ১২৯ খন, দৰঙত ৬৪ খন , ৮৫ খন , ধুবুৰী জিলাত ৫৬ খন, ডিব্ৰুগড়ত ৬০খন, গোৱালপাৰাত ৮৯ খন, গোলাঘাটত ৪৫ খন, হাইলাকান্দিত ৫৯খন, যোৰহাটত ১৮২ খন,কামৰূপ মহানগৰত ৯৪ খন, তিনিচুকীয়াত ৫০খন, শোণিতপুৰত ১০৫খন, শিৱসাগৰত ১৩৬ খন, নলবাৰীত ১৩৪ খন, নগাঁওত  ৯০ খন, মৰিগাঁৱত ১৪৮ খন আৰু কৰিমগঞ্জত ৪৯ খন বিদ্যালয় বন্ধ কৰা হৈছে।গতিকে ইমান বিলাক বিদ্যালয় বন্ধৰ পিচৰ পৰা এনেকৈয়ে ভূত বাংলা হিচাপে পৰি আছে।চৰকাৰে এই বিদ্যালয় গৃহ সমূহ কিবা কামত লগাবলৈ চিন্তা চৰ্চা কৰিছেনে? নে চৰকাৰে ঋণ লোৱা টকাৰ ধাৰ  মাৰিবলৈ বহিৰাগতক বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে?এইয়া চৰকাৰে বিবেচনা কৰিব।আমিও অসমৰ সচেতন নাগৰিক হিচাপে চৰকাৰলৈ এটি প্ৰস্তাৱ আগবঢ়াব খুজিছোঁ।চৰকাৰৰ মনপুত হ’লে আমাৰ প্ৰস্তাৱ অনুসৰি সোনকালেই কামত আগবাঢ়িব।প্ৰস্তাৱটো হৈছে যে-অসম চৰকাৰৰ অধীনত “অসম শিশু সাহিত্য ন্যাস” নামৰ এটা বিভাগ আছে।সেই বিভাগটোৰ যোগেদিয়েই প্ৰতিখন জিলাত বন্ধ হোৱা বিদ্যালয় সমূহক কেৱল শিশু সকলৰ বাবে পুথিভঁৰাললৈ ৰূপান্তৰিত কৰিব লাগে।প্ৰতিটো পুথিভঁৰালৰ বাবে দুজন বা তিনিজনকৈ চৰকাৰী ভাৱে কৰ্মচাৰী নিয়োগ কৰিব লাগে।ইয়াৰ লগে লগে অসমত কিতাপ পঢ়াৰ এটা পৰিৱেশ ৰচনা হ’ব।এই পৰিৱেশেই হয়তো সলনি কৰি দিব পাৰে অসমৰ শৈক্ষিক দিশটো।কিয়নো বৰ্তমান সময়ত দেশৰ ধৰণী স্বৰূপ অসমৰ শিশু সকলে নিজৰ পাঠ্যপুথিৰ বাহিৰে অন্য কিতাপ পঢ়া দেখা নাযায়।অভিভাৱক সকলেও শিশু সকলক এখন কিতাপ কিনি দিয়া বা কিতাপৰ দোকানলৈ লৈ যোৱাও দেখা নাযায়।গ্ৰন্থ মেলা সমূহকো আজিকালি বাণিজ্যিক মেলা বুলি কোৱাটোহে সমিচিন হ’ব। অসম সাহিত্য সভাৰ কথাটো নকলোঁৱেই।সেয়েহে আজিৰ ছাত্ৰ ছাত্ৰী সকলে উপন্যাস,গল্প,কবিতা,ভ্ৰমন কাহিনী,অনুবাদ গ্ৰন্থ আদিবোৰৰ তাত্বিক কথাবোৰ নাজানে।লক্ষ্মীনাথ বেজবৰুৱা,ভবেন্দ্ৰনাথ শইকীয়া,নৱকান্ত বৰুৱা ৰ দৰে শিশু সাহিত্যিক সকলকো চিনি নাপায়।যদিহে বন্ধ বিদ্যালয় সমূহ পুথিভঁৰাললৈ ৰূপান্তৰিত হয়।তেতিয়া হয়তো আজিৰ প্ৰজন্মই ম’বাইল ফোনত আবদ্ধ হৈ নাথাকি  জীৱনৰ অন্যতম প্ৰিয় বন্ধু কিতাপৰ মাজত সোমাই পৰিব।কিতাপ মানেই হৈছে জ্ঞানৰ ভঁৰাল।এই ভঁৰাললৈ যেতিয়া শিশুসকলে দৈনিক অহা যোৱা কৰিব।তেতিয়া নিশ্চিতভাৱে প্ৰজন্মটো জ্ঞানী হৈ আগবাঢ়িব আৰু আমাৰ সমাজখনো জ্ঞানেৰে ভৰি পৰিব।সেয়েহে আমি চৰকাৰলৈ এই প্ৰস্তাৱ আগবঢ়ালোঁ।
সত্যজিৎ গগৈ