বন্ধ কৰি দিয়া হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুটাকৈ ছাত্ৰাবাস

বন্ধ কৰি দিয়া হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুটাকৈ ছাত্ৰাবাস

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুটাকৈ ছাত্ৰাবাস বন্ধ।গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ছাত্রাৱাস দুটা সাময়িকভাৱে বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।বিশ্ববিদ্যালয়খনৰ RCC-1, RCC-2 ছাত্রাৱাস বন্ধ কৰি দিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। শেহতীয়া কিছু পৰিস্থিতিৰ প্ৰতি নজৰ ৰাখি তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ বন্ধৰ নিৰ্দেশনা প্ৰদান কৰিছে কৰ্তৃপক্ষই।দুয়োটা হোষ্টেলৰ আবাসীসকল সংঘাতত লিপ্ত হোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ হোষ্টেল কৰ্তৃপক্ষৰ। যোৱা ২৭ ছেপ্টেম্বৰৰ মাজনিশা বিশ্ববিদ্যালয় চৌহদত সৃষ্টি হয় তীব্ৰ সংঘাত। ২৬ ছেপ্টেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছিল ১৫টা পদত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচন। সুকলমে বৃহস্পতিবাৰে নিৰ্বাচনৰ বৈতৰণী পাৰ হ’ল যদিও ২৭ ছেপ্টেম্বৰত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতেই RCC-1 আৰু RCC-2 আৱাসীসকলৰ মাজত সৃষ্টি হয় সংঘাত। যাৰ বাবে আৱাসীসকলক হোষ্টেল এৰাৰ নিৰ্দেশ দিয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ৷ দুয়োটা হোষ্টেলৰ আবাসীসকলক বিশ্ববিদ্যালয় চৌহদত থকা আন আবাসত থকাৰ ব্যৱস্থা কৰিছে কৰ্তৃপক্ষই৷ লগতে আবাসীসকলৰ প্ৰয়োজনীয় সকলো সা-সুবিধা প্ৰদান কৰিব জনাইছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই৷