বন্ধু –  উপাসনা ৰাজবংশী

বন্ধু

 উপাসনা ৰাজবংশী,
কলাইগাওঁ,ওডালগুৰি

বন্ধু কথা এষাৰ ক‌ওঁ,
তুমি মোৰ জীৱন পথৰ চিৰ লগৰী
তোমাৰ বাহিৰে আছেই বা কোন
যাৰ স’তে ভগাই ল’ব পাৰোঁ
সুখ – দুখৰ হিচাপবোৰ।
তুমি যে মোৰ বৰ আপোন,
তুমি চিৰযুগমীয়া
দিনৰ পিছত দিন
বন্ধু, পালোঁ তোমাৰেই সহাঁৰি,
কাহানিও নপৰে মনত
নহয় মোৰ অনুভৱ,
মই যে অকলশৰীয়া।
বন্ধু,
কিন্তু মই দুৰ্ভগীয়া।
হৃদয়ৰ বেদনা খিনি
আজিও যেন যোৱা নাই আতঁৰি,
কেতিয়াবা শোকে বৰকৈ খুন্দা মাৰি ধৰে!
তথাপি বন্ধু,
তুমি যে মোৰ চিৰ লগৰী
সেই সাহসতেই মই বেলিমুখী হৈ জীয়াই থাকোঁ।