বন্ধু – অভিজিৎ বৰা

বন্ধু

 অভিজিৎ বৰা ,কলিয়াবৰ

শৈশৱৰ ধেমালি বোৰ বৰ্তমান বাস্তবিক সপোন হৈ ৰল ।
ধনাই মঘাই হত যেন মোৰ কাষৰ পৰা আন্তাকচুৰি খেলৰ দৰে দূৰ দূৰনীলৈ
আতৰি গ’ল ।

স্কুল অসমীয়াত বিদ্যালয় অৰ্থাৎ শিক্ষাৰ ভঁৰাল
দেউতাৰ আঙুলিৰ পৰা হাতো এৰুৱাই
স্কুলৰ গেটৰ সন্মুখত মিচীকিয়া হাঁহি মাৰি হাতত
ধৰা ধৰিকে আগুৱাই স্কুলৰ ভিতৰলৈ বন্ধু
তোমাৰ লগত ।।
শৈশৱ পাহৰি কৈশোৰত ভৰি দিলোঁ
স্কুলৰ পৰা আহি কলেজ পালোঁ
কলেজৰ গেটৰ সন্মুখৰ ফালে আগবাঢ়ি গলো
হাতত ধৰা ধৰিকে বন্ধু তোমাৰ লগত ।

কলেজৰ পাতনি শেষ হ’ল ব্যস্তময় জীৱন
পাহৰিব নোৱাৰিলোঁ সেই মধুৰক্ষণ বন্ধু
সেই মধুৰক্ষণ ।।