বন্ধুত্ব
হেৰা বন্ধু কুশলে আছানে?
বন্ধু আজিকালি তোমাক লগয়েই নোপোৱা হ’লো
মনত পৰেনে তোমাৰ মোলৈ ।
মনত আছেনে তোমাৰ আমি একেলগে বহা কেন্দুতলৰ দিনবোৰলৈ ।
জোনাক বোৰ আজিকালি ধূসৰ হ’ল জানা
কবিতা বোৰ আজিকালি শব্দহীন হ’ল ।
সেই তাহানিৰ বকুল বুটলা দিনবোৰ আজি অতীতত হ’ল
আৰু বন্ধু
তোমাৰ স্মৃতি বোৰে এখিলা বগা পাতত মোৰ এটি কবিতা হ’ল ।
ভালে থাকা বন্ধু।
আগৰ দৰেই থাকা
প্ৰস্তুতি শৰ্মা
গোলাঘাট বাণিজ্য মহাবিদ্যালয়