বন্ধুত্ব দিৱসৰ পবিত্র ক্ষণত – দেৱাশীষ গোস্বামী

বন্ধুত্ব দিৱসৰ পবিত্র ক্ষণত

দেৱাশীষ গোস্বামী,নগাওঁ

বন্ধু – আমাৰ জীৱনৰ সর্বশ্রেষ্ঠ উপহাৰ। প্রয়োজন মাথো সঁচা অর্থৰ। এজন সঁচা বন্ধুৰ মূল্য ধন-সোণ- ৰূপতকৈ বহুত ওপৰত। বন্ধু বিহীন জীৱন যেন বঠা বিহীন নাওঁ। চৌদিশে য’ত আজি মাথো কৃত্ৰিমতাৰ পয়োভৰ, তেনেস্থলত এজন প্রকৃত বন্ধু পোৱাতো ভাগ্য তথা সু-কর্মৰ ফল। এজন প্রকৃত বন্ধুৰ প্রয়োজন তথা প্রভাব আমাৰ জীৱনত অতিকৈ গুৰুত্বপূর্ণ। প্রকৃত বন্ধুত্বই নামানে কোনো বয়সৰ সীমনা, নামানে কোনো জাতি, নামানে কোনো ধর্ম। প্ৰকৃত বন্ধুত্বৰ অভিধানত স্থান নাই কোনো সুন্দৰ, কুৎচিত, ভেদাভেদ, চল-কপটতা আদিৰ দৰে শব্দৰ। এজন প্ৰকৃত বন্ধুৰ স্বীকৃতি পাবলৈ প্ৰয়োজন মূলতঃ সৎ মনোবৃত্তিৰ, সৎ সাহসৰ, প্রয়োজন সময় সাপেক্ষে ত্যাগ স্বীকাৰ কৰিব পৰা অপাৰ ক্ষমতাৰ, বন্ধুত্বৰ প্ৰকৃত সংজ্ঞা ভৰিৰে মোহাৰি, এক স্বৰ্গীয় সম্বন্ধ কলুষিত কৰা সকল এই সুন্দৰ পৃথিৱীখনৰ আবর্জনা মাথোন।এজন বন্ধুৰ প্রকৃত সংজ্ঞা তথা বাখ্যা সম্ভব মাথো এজন প্ৰকৃত বন্ধুৰ দ্বাৰাহে।

বন্ধুত্ব সুলভ আচৰণ তথা কথা বতৰাই আমাৰ পৃথিৱীখনক সুন্দৰতাৰ শিখৰত আৰোহণ কৰোৱায়।

আজি বন্ধুত্ব দিৱসৰ এই পবিত্র ক্ষণত ৰঙিলী বাৰ্ত্তাৰ পৰিয়ালৰ তৰফৰ পৰা প্রকৃত বন্ধুৰ ‘চার্টিফিকেটেৰে’ স্বীকৃত সকলো বন্ধুলৈ আন্তৰিক শুভকামনা তথা প্রকৃত বন্ধুৰ সংজ্ঞা বহন কৰি নিয়াত নেদেখাজন সদায় সহায় হাওঁক।

There were lots of ships
There were golden ships
But best ship is Friendship.