বন্দীত্বৰ অন্য এটি নাম আমি
জীৱন বৰ অনুপম।জীৱনে কেতিয়া কোনফালে মেলানি মাগে সেইয়া আমি কোৱাতো কঠিন। সময় জীৱনৰ বন্ধু।সময়ে বাট বোলাই জীৱনৰ বাটতত। ২০২০চন আহিছিল পৃথিৱীলৈ ,ভৱা নাছিল কোনেও এই ২০২০চনে যেন লৈ আহিব কাল অমানিশা।২০২০নতুনত্বৰ এটি চিনাকী নাম ক’ৰণা,চেনিটাইজাৰ মাক্স আদিয়ে ঠাই ল’লে জীৱনত। সামাজিক দূৰত্ব আৰু তলাবন্ধ ওতঃপ্ৰোত ভাবে জড়িত হৈ পৰিল মানৱৰ ওপৰত ।তাৰ উপৰিও প্ৰাকৃতিক দুৰ্যোগ আদিয়ে ঠাই ল’লে ।নভবাকৈয়ে বহুতৰ জীৱন শেষ হ’ল।শেষ হৈ গ’ল বহু সপোন আৰু আশা ।কাঢ়ি লৈ গ’ল কাল ক’ৰণাই স্কুলীয়া জীৱনৰ সুখবোৰ। তাৰ ঠাই ল’লে অনলাইন পাঠদান।অনলাইনৰ জৰিয়তে আগবাঢ়ি গৈছে বহু শিক্ষাৰ্থী বহু দূৰ। আনফালে আৰ্থিক সমস্যাই জুৰুলা কৰিছে একাংশক। কি সময়,এই সময় যেন দূ:সময়। ক’ৰণাৰ আতংক মৃত্যুৰ কিৰীলি আপোনাক মানুহক হেৰোৱাৰ বেদনা আনফালে আপোন মানুহক অকমাণ চোৱাৰ দূৰ্বাহ হেঁপাহ মনতেই মৰহিছে। ২০২০চন এনেদৰেই গ’ল যদিও ২০২১ চনে লৈ অহা আধৰুৱা সপোন বোৰ বাস্তৱ হোৱাৰ আশা কৰিবলৈ আমি অপাৰগ যদিও কাল ক’ৰণাৰ বাবে আমি আকৌ থমকি ৰওঁ।আমি সমস্যা বোৰ সমাধান কৰিব লাগিব। প্ৰতিটো সমস্যাৰ লগত যুঁজিব লাগিব।মনত প্ৰশ্ন জাগে আমি বাৰু সচাই সমস্যাবোৰ সমাধান কৰিছোঁ নে? নে সহবাস কৰিছোঁ সমস্যাৰ লগত। জীৱনে বহু নতুনৰ লগত চিনাকি কৰাই দিলে ।মানৱ জীৱনত কিছুমান অংগ অপৰিহাৰ্য হৈ পৰিল ,ক’ৰবালৈ গ’লে মাক্সখন পিন্ধা,চেনিটাইজাৰটো হাতত লৈ যোৱা, সামাজিক দূৰত্ব বজাই ৰখা আদি।আমি এইবিলাক কাম কৰিবলৈ টান পালে বা সমস্যা বুলি ভাবিলে নহ’ব।আমি ব্যৱহাৰ কৰা উচিত। কাৰণ তেতিয়া হে আমি এই ক’ৰণা যুঁজত জয়ী হ’ব পাৰিম। আমাৰ জীৱনৰ শংকাবোৰ আঁতৰ কৰিবলৈ হ’লে সমস্যাবোৰ দূৰলৈ খেলা উচিত।।
জীৱন জীন্দাবাদ ।।
প্ৰস্তুতি শৰ্মা
গোলাঘাট বাণিজ্য মহাবিদ্যালয়