বন্দনাক লগত লৈ বন্দানৰ পিতৃগৃহত অভিযান চলায় আৰক্ষীয়ে

বন্দনাক লগত লৈ বন্দানৰ পিতৃগৃহত অভিযান চলায় আৰক্ষীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা- ডাবল মাৰ্ডাৰৰ তদন্ত অব্যাহত ৰাখি আৰক্ষীয়ে আজি বন্দনাক লগত লৈ তেওঁৰ পিতৃগৃহত অভিযান চলায়। আৰক্ষীয়ে হত্যাকাণ্ডৰ সময়ত পৰিধান কৰা কাপোৰৰ সন্ধানত এই অভিযান চলায়। ইয়াৰ লগতে নুনমাটি থানাত আৰক্ষীয়ে জেৰা চলায় বন্দনাক। উল্লেখ্য, ডাবল মাৰ্ডাৰত ব্যৱহৃত বাহনখন ফৰেনছিকলৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ্য, বন্দনাৰ শাহুৱেক শংকৰী দে’ আৰু স্বামী অমৰৰ ছিন্নমুণ্ড এতিয়াও উদ্ধাৰ হোৱা নাই। এনে অৱস্থাত আৰক্ষীয়ে অতি সাৱধানতাৰে তথ্য-প্ৰমাণ সংগ্ৰহ কৰি আছে। যোৱাকালি তিনি অভিযুক্তৰ ডিএনএ ছেম্পল সংগ্ৰহ কৰা হৈছিল। জি এম চি এইচৰ মৰ্গত ফৰেনছিক আৰু চিকিৎসকৰ এটা দলে তিনিওৰে ডি এন এ টেষ্টৰ নমুনা লয়।