বনভোজৰ এটি অনুভৱ
সুনম বিশ্বাস, গোৰেশ্বৰ, তামুলপুৰ
প্ৰকৃতিৰ ৰম্যভূমিত আপোনজন, পৰিয়াল কিম্বা বন্ধু- বান্ধৱী যিয়েই নহওক, বিশ্বাসৰ হাতখন খামোচি ধৰি ক্ষন্তেকৰ বাবে বিলীন হ’বলৈ আমাৰ সকলোৰে মন যায়। দৈনন্দিন কৰ্মব্যস্ততাৰ পৰা নিজকে আঁতৰাই আনি, সেউজীয়া ঘাঁহনিৰ কোমল দলিচাত পৰি মন-মগজু শীতলাবলৈ কাৰনো ইচ্ছা নাযায় ? ঈপ্সিত সপোনৰ সোপান দিঠকত পৰিনত কৰিবলৈ যেন অধীৰ অপেক্ষাৰে বাট চাই থাকো, হেঁপাহৰ শীত কাললৈ। হাড় কঁপোৱা শীতে আমনি দিলেও, কুঁৱলীৰ ওৰণিখন গুচাই মুখত এসোপামান হাঁহি ওন্দোলাই ন-পুৰণি সুখ-দুখ, পোৱা-নোপোৱাৰ অংক মিলাবলৈ ৰাওনা হও ; মৰমেৰে আঁকোৱালি লৈ।শীতে শীতল কৰা অনুভৱৰ টোপোলাটি লৈ , নিৰ্দিষ্ট এটা দিনত থুনুকা আৱেগৰ জোলোঙাখন দেৱালত আঁৰি থৈ হিয়া-উজাৰি উন্মুক্ত আকাশৰ বিহংগ হৈ উৰিবলৈ। কিন্তু ক’ৰবাত যেন ৰৈ যাওঁ, সাৱধানতাৰ জৰীডাল টানকৈ ধৰিবলৈ দুখোজ পিছুৱাই যাওঁ প্রীতিভোজৰ আখলৰ পৰা, কিয়নো এচাম সুযোগসন্ধানী লেতেৰা অভিসন্ধিৰলোকে অনবৰতে ছাঁ হৈ দৌৰে ঠুনুকা হৃদয়খন চূর্ণ-বিচূর্ণ কৰিবলৈ। এই কাৰ্য নকৰিবলৈ সিঁহতে দুনাই নাভাৱে।নিৰাশা, একাকীত্বকৰ নাওখন চলাই ঘূৰি ফুৰি অপ্ৰাপ্তিৰ সীমনাত ৰৈ থকা হাৰ্ষাৰুন্যৰ সন্ধানলৈ।সি যি কি নহওঁক, প্ৰকৃতিৰ নিকুঞ্জ বনত স্বস্তিৰে দীৰ্ঘাশ্বাস লৈ ঘূৰি-ফুৰি তৃপ্তিৰে লগে ভাগে এসাজ খাওঁ। এয়াই যেন সুখৰ প্ৰকৃত সংজ্ঞা। আন্তৰিকতাৰ জৰীডাল মজবুত কৰাৰ উপ পথ। ইয়াৰ পিছতেই আৰম্ভ হয়, কথাৰ কথকতাৰ মেলখন আৰু কেতিয়া হেঙুল বৰণে আমাক বিদায় দিয়ে প্ৰকৃতিৰ বুকুৰ পৰা আমি তাৰ উমান নাপাও। অন্ধকাৰৰ চাদৰখনে যেতিয়া গোটেই পৃথিৱীখন ঢাক খুৱাই তেতিয়াই যেন- আমি ঘৰমূৱা হও।কিন্তু কোৱা বাহুল্য যে, এই যে আমি ৩৫৬টা দিন এবুকু আশা পালি বহি থকাৰ পিছত বিশেষ সময়খিনি প্রকৃতিৰ মজিয়াত একান্তমনে, অক্লান্তভাৱে উপভোগ কৰোঁ, তাৰ পিছতেই অলক্ষিতে এৰি থৈ আহো নিৰ্বাক মাতৃৰ বুকুত এপাহাৰ আৱৰ্জনাৰ বোজা।যিবোৰ এসময়ত পচি চৌপাশ দুৰ্গন্ধময় কৰি তোলে আৰু অস্বস্তিকৰ কৰি পেলায় বায়ুমণ্ডল।চন্দ্ৰমাৰ পোহৰৰ উজ্জ্বলতাখিনি সহৃদয়ে আঁকোৱালি লও আৰু অলক্ষিতেই ক’লা দাগটো ৰৈ যায়।সেয়া চাবলৈ যেন মহাভাৰতৰ গান্ধাৰীৰ দৰে দৃষ্টিহীনতাৰ আৱৰণখন স্বাচ্ছন্দ্যে মেৰিয়াই লও।আনন্দখিনি উপভোগ কৰাৰ ক্ষেত্রত আমি এবাৰো ভাবি নাচাও যে বাকহীন প্ৰাণীকেইটা স্বাচ্ছন্দ্যে জীয়াই থকাৰ অধিকাৰ খৰ্ব হোৱাৰ কথা । আনকি সিহঁতৰ ওপৰত কি প্রভাৱ পৰিব , তাৰ প্ৰতিও ভৱাৰ হাবিয়াস নাই আমাৰ।আমি আমাৰ তথাকথিত মৌলিক অধিকাৰ উপভোগ কৰাৰ ক্ষেত্রত আকাশ পাতল একাকাৰ কৰি ডি জে ব্ক্স চলাই, হাই-উৰুমি কৰি স্ফূৰ্তি কৰো। কিছুমানে মদৰ নিচাত মাতাল হৈ প্ৰকৃতিৰ ৰম্যভূমিক, ডিস্ক’ ক্লাবলৈ পৰ্যবসিত কৰি পেলায়।প্ৰাকৃতিক সম্পদ, পৰিৱেশৰ সুৰক্ষাৰ কথা বাদেই নিজৰ অস্তিত্বৰ কথাও পাহৰি যায়। স্ফূৰ্তিৰ নামতো বিলাসিতা, প্ৰবল আধুনিকতা! প্রকৃত সুখৰ মাদকতা উপভোগ কৰাৰ মানসিকতাই বিপদাপন্ন।এইচামলোকৰ বাবে প্ৰকৃতিৰ বুকুত থকা স্বতঃস্ফূর্ত বস্তুবোৰৰ আমেজ যেন আউটডেটেড।আধুনিক সুখৰ সংজ্ঞা সুৰাশ্রিত, দেশী- বিদেশী সুৰাৰ ষ্টক গাড়ীৰ ডিক্কিত। বেষ্ট হাইজিন মেন্টেইন কৰি আজি-কালি খাদ্যবস্তুবোৰ ঘৰৰ পৰাই ৰান্ধি – বাঢ়ি নিয়া দেখা যায়, প্রকৃতিৰ কোলাত উত্তাল হৈ খাই বৈ য’তে-ত’তে পেলনীয়া বস্তুবোৰ পেলাই প্ৰকৃতিক আনহাইজিনতাত ভুগায়। নিচাত মাতাল হৈ নিজৰ লগতে আনৰ বিপদ মাতি আনে। অহৈতুক ইচ্ছাপূৰণৰ ফল ভোগ কৰে বলিৰ পঠাস্বৰূপ নিৰীহ জীৱ-জন্তুকেইটা; প্রবাহমান গতিত বোৱা নদ- নদী আদি।আজি- কালি আকৌ ফাষ্ট প্রায়ৰিটি পোৱা ট্রেণ্ড এটা হ’ল, ফটো উঠা, ভিডিঅ কৰা, ৰীলছ বনোৱা ইত্যাদি। এইবোৰ কৰিবলৈ গৈ বহু সময়ত দূৰ্ঘটনা পতিত হোৱা পৰিলক্ষিত হয় । বিশাল পাহাৰৰ বুকুৰ পৰা কুলুকুলুকৈ বৈ অহা ঝৰণাৰ তলত ডুব যোৱাৰ উপক্রম হয়। তীব্ৰগতিত গাড়ী চলাই ৰাস্তাৰ পৰা ফালৰি কাটি গৈ লক্ষ্যস্থানচ্যুত হৈ নদীৰ বুকুত জাহ যোৱা দেখা যায় । এনেকৈ নিতৌ অসাৱধানতা আৰু অসচেতনতাৰ কবলত হাজাৰ-হাজাৰ লোকৰ জীৱন সংকটাপন্ন ।গতিকে, আমি ক’ব পাৰো যে নিজৰ একান্ত মধুৰ সময়খিনি চিৰস্মৰণীয় কৰি ৰাখিবলৈ প্রকৃতিৰ কোমল মজিয়াত নিজকে বিলীন কৰি দি, সেইবোৰ সজীৱ কৰি ৰাখিবলৈ আমি প্রত্যেকেই দৃঢ়তৎপৰ হোৱাটো বাঞ্ছনীয় । আপোন ঘৰৰ আখলৰ দৰে প্রীতিভোজৰ পিছত ঠাইখিনি সাৰি-পুচি, সামৰি আহিলে পৰ্যটনস্থল অলৰ অচৰ চিৰ গৌৰৱোজ্জ্বলৰ ধ্বজা উৰুৱাই থাকিব । দেশ বিদেশত সেই স্থানৰ গুগ-গৰিমা বখানিব বিদেশী পৰ্যটকসকলে , ভ্রমণকাৰীসকলে ; নহ’লে আনৰ আগত নিজৰ আসোঁৱাহখিনি লুকাবলৈ বৰণহীন জলৰ সাহাৰ্য লাগিব কৃত্ৰিম নীলিম জলৰাশিৰ আৱৰণখনৰ, শাকেৰে মাছ ঢকাৰ দৰে!