বধ্যভূমিৰ শিল – ৰিজুমণি বৰা কলিতা 

বধ্যভূমিৰ শিল

ৰিজুমণি বৰা কলিতা 

সিহঁতে দেখিলে
জীৱন আৰু মৃত্যুৰ চাকনৈয়া
সপোন আৰু দিঠকৰ প্ৰহেলিকা
স্তম্ভিত হৈ দেখিলে সিহঁতে
মধূচন্দ্ৰিকাৰ কাল অমানিশা ।
 বধ্যভূমিৰ অসহায় শিলা !!
 সিহঁতে দেখিলে শিলত কৈও
কঠিন ধৰ্মান্ধতা
মানুহৰ তেজৰ বিভাজন
প্ৰেমৰ হত্যা…..
 ধৰ্মৰ হত্যা…..
মানৱতাৰ হত্যা….. !
 শিলে নাজানে ভূগোলৰ বিবাদ,
জানে মাথো সময়ে
মচিব নোৱাৰা বুৰঞ্জী
দৈৱকীৰ সদ্যজাতৰ
তেজেৰে তুমুৰলি ইতিহাস,
যুগ-যুগৰ অবিশ্ৰান্ত সন্ত্ৰাস।
হিংসাৰ দাবানলত দগ্ধ
অসহিষ্ণুতাৰ কোলাহলত মৌন
এই স্থিতপ্ৰজ্ঞ শিলবোৰ জী উঠা হ’লে
শিল হৈ পৰা বুকুবোৰক
শিকালেহেঁতেন — শান্তিৰ চিৰন্তন পাঠ।