বতাহ
জোনমণি ৰয়, তিত্কা তাজে
হে মোৰ উনমনা মনৰ বতাহজাক
তুমি অহা মোৰ হৃদয়ত,
এক নিগাজী আশাৰ বতৰা লৈ।
যি আশাই চুই যায় হি মোৰ
বেদনাৰে ভৰা হৃদয়খনক।
তুমিতো জনাই ন বতাহ,
মই তোমাৰ সতে উৰি সেই,
আশাবোৰক বিচাৰি ফুৰো,
যি আশাই, মোক অজানিতে
গুপতে কৈ যায় যে,
তোৰ হৃদয়ৰ বতাহজাকে
তোৰ সেই আশাবোৰক
পুৰন কৰি আহি আনি
দিয়ে যেন এক বিশেষ
শান্তিৰ তৃপ্তি ।।
